শিৱসাগৰ, 14 মে' : ৰাজধানী এক্সপ্ৰেছৰে দিল্লীৰ পৰা ডিব্ৰুগড়লৈ আহি পোৱা যাত্ৰী সকলৰ মাজৰ 5 গৰাকী ব্যক্তি বৃহস্পতিবাৰে শিৱসাগৰত উপস্থিত হয় ৷ তেওঁলোক ডিব্ৰুগড়ত উপস্থিত হোৱাৰ পাছত ব্যক্তি কেইগৰাকীক শিৱসাগৰ জিলা প্ৰশাসনে বিশেষ বাছৰ জৰিয়তে গৃহ জিলা শিৱসাগৰলৈ লৈ অনা হয় ৷ উক্ত ব্যক্তি কেইগৰাকীৰ তিনি জনক জিলা প্ৰশাসনে ডিমৌত আৰু আন দুজনক শিৱসাগৰ কোৰেনটাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰে ।
উল্লেখযোগ্য যে, ৰেলেৰে অহা এই লোক সকলক ডিব্ৰুগড়ৰ পৰা শিৱসাগৰলৈ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ জৰিয়তে অনা হয় । এগৰাকী দণ্ডাধীশৰ নেতৃত্বত প্ৰেৰণ কৰা এটা দলে শিৱসাগৰৰ ব্যক্তি 5 গৰাকীক নিজ গৃহ জিলালৈ নিৰাপদ ভাবে অনা হয় । শিৱসাগৰ নগৰ পোৱাৰ পূৰ্বে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা ডিমৌৰ কোৱাৰেণ্টাইন কেন্দ্ৰত কৰা হয় । প্ৰাথমিক পৰীক্ষাত তেওঁলোকৰ শৰীৰত Covid-19 ৰ কোনো ধৰণৰ লক্ষণ নাই বুলি স্বাস্থ্য বিভাগে স্পষ্ট কৰিছে ।