শিৱসাগৰ, 13 আগষ্ট : সমাগত স্বাধীনতা দিৱস উপলক্ষে শিৱসাগৰৰ বৰপুখুৰীৰ পাৰত ফিট ইণ্ডিয়া ফ্ৰীদম ৰাণ(Fit India Freedom Run)ৰ আয়োজন ৷ কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত শুকুৰবাৰে এই দৌৰ কাৰ্যসূচীৰ আয়োজন কৰা হয় । নেশ্যনেল ছাৰ্ভিচ স্কীম(NSS)ৰ সহযোগত আয়োজিত হোৱা এই দৌৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে মহকুমা বিষয়া মন্দিৰা বৰুৱাই ৷
শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰা পতাকা জোকাৰি তেওঁ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে এই কাৰ্যসূচীৰ ৷ এই কাৰ্যসূচীত সুস্থ-সৱল আৰু ফিট হৈ থকাৰ বাবে প্ৰত্যেক ব্যক্তিয়ে দৈনিক 30 মিনিটৰ শাৰীৰিক গতিবিধি সংযোগ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ৷ এই দিশত জনজাগৰণ সৃষ্টি কৰাৰ বাবে আয়োজন কৰা দৌৰত অংশগ্ৰহণ কৰে বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু নেহৰু যুৱ কেন্দ্ৰৰ কৰ্মকৰ্তাই ।
লগতে পঢ়ক :সকলো শিশুৱে মোৰ মেডেলটো এবাৰ চুই চোৱাতো বিচাৰো : লাভলীনা