আমগুৰি , ২১ ডিচেম্বৰঃগুৱাহাটীস্থিত অসমৰ একমাত্ৰ ৰাজ্যিক চিৰিয়াখানা নিশ্চয় আপুনি দেখিছে ৷ কিন্তু আজি আমি দেখুৱাম জনচক্ষুৰ পৰা আঁতৰত থকা অন্য এখন অন্য চিৰিয়াখানা, যিখনক এছিয়াৰ ভিতৰতে প্ৰথম খন চিৰিয়াখানা হিচাপে জনা যায় ৷ শিৱসাগৰ জিলাৰ পহুগড় অঞ্চলত অৱস্থিত বৰ্তমান পৰিভ্ৰমী পক্ষীৰ কাকলিত মুখৰিত পহুগড় চিৰিয়াখানা খনকেই এছিয়াৰ প্ৰথম খন চিৰিয়াখানা হিচাপে বহু লোকে গণ্য কৰে ৷
আহোম স্বৰ্গদেউ ৰূদ্ৰ সিংহৰ ৰাজত্বকালত ১৬৯৬ খ্ৰীষ্টাব্দৰ পৰা ১৭১৪ খ্ৰীষ্টাব্দৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল পহুগড় চিৰিয়াখানা ৷ স্বৰ্গদেউ ৰূদ্ৰ সিংহই ১৭ শতিকাতে বন্য প্ৰাণীৰ সংৰক্ষণত গুৰুত্ব আৰোপ কৰি 8 টা পথালি আৰু ১৬ টা থিয় গড় বিশিষ্ট পহুগড় নিৰ্মাণ কৰি গঁড়, হৰিণ, কুম্ভীৰ, বাঘ, হাতীকে ধৰি বিভিন্ন জীৱ জন্তুৰ সংৰক্ষণ কৰিছিল বুলি ইতিহাসৰ পাতত লিপিবদ্ধ আছে ৷ কালক্ৰমত বহুকেইটা গড় ধ্বংসস্তুপত পৰিণত হোৱাত বৰ্তমানে ৪ টাকৈ থিয় আৰু পথালি গড়ৰহে অৱশিষ্ট হিচাপে ৰৈছেগৈ ৷
বৰ্তমানে হাজাৰ হাজাৰ পৰিভ্ৰমী পক্ষীৰে মুখৰিত হৈ আছে এই চিৰিয়াখানা খন । দেওৰাজহাঁহ, ধৃতৰাজ, ভেলা, আকুহি বগ, চাইবেৰিয়ান পেলিকান, শৰালি, কাম চৰাইকে ধৰি বিভিন্ন প্ৰজাতিৰ চৰাইয়ে বিচৰণ কৰেহি এই চিৰিয়াখানাত । জলাশয় বিলাকত এনেদৰে হাজাৰ হাজাৰ পৰিভ্ৰমী পক্ষীৰে মুখৰিত হৈ থকাত প্ৰকৃতিপ্ৰমীৰ বাবে কঢ়িয়াই আনিছে আশাৰ বতৰা ৷