গুৱাহাটী, 14 ডিচেম্বৰ : 16 আৰু 17 ডিচেম্বৰত শিৱসাগৰত অনুষ্ঠিত হ'ব নৱ গঠিত 'অসম জাতীয় পৰিষদৰ প্ৰথমখন অভিৱৰ্তন । সেই অভিৱৰ্তনতে আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰিব সদ্য আছুত্যাগী প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে । লগতে, শিৱসাগৰ অভিৱৰ্তনতে দলটোৰ পূৰ্ণাংগ কমিটী গঠন কৰা হ'ব ৷ যাৰবাবে ৰাজনৈতিক মহলত দলটোৰ নেতৃত্ব কোনো লব তাকে লৈ চৰ্চা অব্যাহত আছে ৷
দলটোৰ এক শীৰ্ষ সূত্ৰই জানিবলৈ দিয়া মতে, সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ ঔৰসত জন্ম লোৱা অসম জাতীয় পৰিষদৰ সভাপতিৰ দায়িত্বত কোন থাকিব তাকে লৈ বিভিন্ন ধৰণৰ চৰ্চা অব্যাহত থাকিলেও অধিকাংশই সদ্য আছুত্যাগী লুৰিণ জ্যোতি গগৈয়ে এই গুৰু দায়িত্ব লোৱাটো বিচাৰিছে ।