শিৱসাগৰ, 16 মে':দেওবাৰেপুৱতি নিশা শিৱসাগৰ চহৰৰ ষ্টেচন চাৰিআলিৰ নতুন দৈনিক বজাৰত বিধ্বংসী অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত জাহ যায় ৪৭ খনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান । উক্ত অগ্নিকাণ্ডত কোটি টকাৰ সা সম্পতি জাহ যোৱাৰ লগতে সৰ্বস্বান্ত হয় বহু পৰিয়াল । অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ।
শিৱসাগৰ নগৰৰ দৈনিক বজাৰত বিধ্বংসী অগ্নিকাণ্ড - দুৰ্যোগ প্ৰশমণ বিভাগ
শিৱসাগৰ চহৰৰ ষ্টেচন চাৰিআলিৰ নতুন দৈনিক বজাৰত বিধ্বংসী অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত জাহ যায় ৪৭ খনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান ৷ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে দেওবাৰে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷
![শিৱসাগৰ নগৰৰ দৈনিক বজাৰত বিধ্বংসী অগ্নিকাণ্ড fire-at-sibsagar-daily-market](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11782041-thumbnail-3x2-img.jpg)
শিৱসাগৰ নগৰৰ দৈনিক বজাৰত বিধ্বংসী অগ্নিকাণ্ড
শিৱসাগৰ নগৰৰ দৈনিক বজাৰত বিধ্বংসী অগ্নিকাণ্ড
শিৱসাগৰ জিলাৰ উপায়ুক্ত, ৰাজহ চক্ৰ বিষয়া ষ্টেচন চাৰিআলিৰ নতুন দৈনিক বজাৰত উপস্থিত হৈ অগ্নিকাণ্ডৰ বুজ লোৱাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান জাহ যোৱা লোকসকলৰ সৈতে বাৰ্তালাপ কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁ অনতিপলমে দুৰ্যোগ প্ৰশমণ বিভাগৰ নিয়মৰ আওতাত ক্ষতিগ্ৰস্ত ব্যৱসায়ী সকললৈ এককালীন সাহাৰ্য আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা তৎকালীন সাহাৰ্য প্ৰদানৰ আশ্বাস প্ৰদান কৰে ।
লগতে পঢ়ক :টিংৰাই বিস্ফোৰণত জড়িত থকা সন্দেহত এজনক আটক