অসম

assam

By

Published : May 16, 2020, 8:07 PM IST

ETV Bharat / state

শিৱসাগৰত সমবায়ৰ চাউল আৰু প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ বিৰুদ্ধে এজাহাৰ দাখিল

শিৱসাগৰত ভূৱা ৰেচন কাৰ্ডৰে দৰিদ্ৰৰ চাউল আত্মসাৎ কৰা আৰু প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ ধন অযোগ্য লোকক প্ৰদান কৰাৰ অভিযোগত এজাহাৰ দাখিল কৰে শিৱসাগৰ নকটানিৰ নিবাসী জিন্টু শইকীয়াই ।

শিৱসাগৰ
শিৱসাগৰত সমবায়ৰ চাউল আৰু প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ বিৰুদ্ধে এজাহাৰ দাখিল

শিৱসাগৰ, ১৬ মে': দৰিদ্ৰ লোকৰ চাউল হৰলুকি কৰাৰ অভিযোগ তুলি সুলভ মূল্যৰ এজেন্টৰ বিৰুদ্ধে শিৱসাগৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল নকটানিৰ নিবাসী জিন্টু শইকীয়া নামৰ যুৱকজনৰ । ভূৱা ৰেচন কাৰ্ডৰে দৰিদ্ৰৰ চাউল আত্মসাৎ কৰি অহাৰ অভিযোগতে এজেন্ট প্ৰদীপ বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে জিন্টু শইকীয়াই ।

কিষাণ সন্মান নিধি আঁচনিৰ বিৰুদ্ধে এজাহাৰ দাখিল

ইয়াৰোপৰি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ ধন অযোগ্য লোকক প্ৰদান কৰা বুলিও ইতিমধ্যে এজাহাৰ দাখিল কৰে জিন্টু শইকীয়াই । গাঁও পঞ্চায়তৰ সভাপতি জিতুৰাজ বৰুৱা আৰু কৃষি সম্প্ৰসাৰণ সহায়কৰ জ্ঞাতাসাৰেই এনে ব্যাপক অনিয়ম সংঘটিত হোৱা বুলি এজাহাৰ দাখিল কৰে জিন্টু শইকীয়াই ।

ABOUT THE AUTHOR

...view details