অসম

assam

ETV Bharat / state

জ্যেষ্ঠ সাংবাদিক মনজিৎ বৰাক শ্বহীদ কমলা শইকীয়া সোঁৱৰণী বঁটা প্ৰদান - journalist manjit bora

জ্যেষ্ঠ সাংবাদিক মনজিৎ বৰালৈ শ্বহীদ সাংবাদিক কমলা শইকীয়া সোঁৱৰণী বঁটা প্ৰদান ৷ দেওবাৰে শিৱসাগৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠাত এই বঁটা প্ৰদান কৰা হয় ৷

felicitation programe
শ্বহীদ কমলা শইকীয়া সোঁৱৰণী বঁটা প্ৰদান

By

Published : Sep 19, 2021, 6:20 PM IST

শিৱসাগৰ,19 ছেপ্তেম্বৰ :দেওবাৰে শিৱসাগৰ প্ৰেছ ক্লাৱত ক’ভিড নীতি-নিয়যৰ মাজেৰে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক মনজিৎ বৰাক শ্বহীদ সাংবাদিক কমলা শইকীয়া সোঁৱৰণী বঁটা প্ৰদান কৰা হয় । সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত প্ৰদান কৰি অহা এই বঁটা ২০১২১ বৰ্ষৰ বাবে দেওবাৰে জ্যেষ্ঠ সাংবাদিক মনজিৎ বৰাক প্ৰদান কৰা হয় । শিৱসাগৰৰ সমাজকৰ্মী এম.আই.বড়াৰ সভাপতিত্বত অনুষ্ঠিত হয় এই বঁটা প্ৰদান অনুষ্ঠান ৷

শ্বহীদ কমলা শইকীয়া সোঁৱৰণী বঁটা প্ৰদান

গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানটোত শিৱসাগৰৰ জ্যেষ্ঠ সাংবাদিক এনামুদ্দিন আহমেদ, শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ সভাপতি ভৈৰৱ মুণ্ডা, এনজিঅ’ কৰ্মী ফৰিদ ইছলাম হাজৰিকা আৰু AJYCPৰ উপদেষ্টা জয়সূৰ্য বৰা বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে । ছাত্ৰ সংগঠনটোৰ তৰফৰ পৰা মনজিৎ বৰাক সম্বৰ্ধনা পত্ৰৰ লগতে গামোচা, জাপি, চেলং চাদৰ, সঁফুৰাৰে উৰুলি ধ্বনিৰ মাজৰে বঁটা প্ৰদান কৰা হয় ।

বঁটা গ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে কেতবোৰ তাৎপৰ্যপূৰ্ণ বিষয় উল্লেখ কৰি কয় যে, ‘‘সাংবাদিকতাৰ বাবে বহু অজান শত্ৰু আছে । কিন্তু সমাজক গতি প্ৰদান কৰাৰ স্বাৰ্থত আমি আমাৰ কাম কৰি যাবলৈ বাধ্য । এতিয়া সময় সলনি হৈছে । এক সাম্প্ৰদায়িক পৰিৱেশৰ সৃষ্টি । বিভেদৰ বীজ সিঁচা হৈছে । এই বীজ এচাম স্বাৰ্থলোভীয়ে পেচাগত কাৰণত বিয়পাইছে । এই কথাবোৰ ৰাইজে বুজিব লাগিব আৰু ৰাইজে বুজিছে’’ ।

জ্যেষ্ঠ সাংবাদিক মনজিৎ বৰাক শ্বহীদ কমলা শইকীয়া সোঁৱৰণী বঁটা প্ৰদান

লগতে পঢ়ক:অভিশপ্ত বাঘজান কাণ্ডৰ পাছতো শিক্ষা নহ'ল নেকি অইল ইণ্ডিয়া লিমিটেডৰ ?

তেওঁ আৰু কয় যে, ‘‘তথাপিও একাংশ এই সোঁতত উঁটি গৈছে । এই বিষয় সমূহক লৈ আমি অধিক সজাগ হ'ব লাগিব আৰু ইয়াতে এজন সাংবাদিকৰ দায়িত্ব বাঢ়ে । শ্বহীদ সাংবাদিক কেৱল এজন সাংবাদিক নাছিল । আধুনিক দিখৌমুখৰ নিৰ্মাতা শইকীয়া এজন শিক্ষা সংস্কাৰক, শিক্ষাবিদ, স্বাধীনতা সংগ্ৰামী আৰু সংস্কাৰক আছিল’’ ।

ইয়াৰ উপৰিও জ্যেষ্ঠ সাংবাদিক মনজিৎ বৰাই উল্লেখ কৰে কৰে যে, ‘‘শ্বহীদ সাংবাদিক কমলা শইকীয়াই কলমৰ মাধ্যমেৰে সমাজৰ অপশক্তি সমূহক চিনাক্ত কৰি এই সমূহৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল । যাৰ বাবে এচামে নিজ স্বাৰ্থত বাধা পোৱাৰ বাবে তেওঁক হত্যা কৰিছিল । আজি এই কথা স্পষ্ট হৈ পৰিল যে আলফাই তেওঁক হত্যা কৰিল’’ ।

লগতে পঢ়ক:বঢ়মপুৰত দিনজোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱস উদযাপন

লগতে তেওঁ কয় যে, ‘‘কিছুদিন পূৰ্বে পৰেশ বৰুৱাই স্বীকাৰ কৰে যে কমলা শইকীয়াৰ হত্যা কৰাৰ সময়ত অৰবিন্দ ৰাজখোৱা আলফাৰ সেনাধক্ষ্যৰ দায়িত্বত আছিল । এই হত্যাৰ বাবে অৰবিন্দ ৰাজখোৱাক জেৰা কৰিব লাগে যিটো আজিলৈকে কৰা নাই । সেই সময়ত তেওঁৰ হত্যাৰ অনুসন্ধান কৰা আৰক্ষী বিষয়া সকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব লাগে । আজিলৈকে বহু সাংবাদিকক হত্যা কৰা হ'ল । কিন্তু এটা হত্যাকাণ্ডৰো আইনী বিচাৰ নহ’ল’’ ।

ইয়াৰ উপৰিও তেওঁ কয় যে, ‘‘গুৱাহাটী মহানগৰৰ জনবহুল ঠাইত পৰাগ দাসক হত্যা কৰাৰ পাচতো আজিলৈকে সেই হত্যাৰ বিচাৰ নহ’ল । আচলতে চৰকাৰৰ প্ৰতাৰণাৰ বাবে এই সমূহৰ বিচাৰ নহয় । আৰক্ষীৰ বিফলতা আৰু দুৰ্নীতিৰ বাবে এনে সমূহৰ বিচাৰ নহয়’’ । আনহাতে, কলিতা ছাত্ৰ সন্থাই কমলা শইকীয়াৰ হত্যাৰ বিচাৰৰ এক দৃঢ় পদক্ষেপ লৈ তেওঁক ন্যায় প্ৰদানৰ বাবে আহবান জনায় ।

লগতে পঢ়ক:সমস্যাৰে জৰ্জৰিত মহানগৰীৰ হৰিজন সম্প্ৰদায়ৰ লোকসকল...

ABOUT THE AUTHOR

...view details