অসম

assam

By

Published : Aug 21, 2020, 8:23 AM IST

ETV Bharat / state

হালোৱাটিঙৰ শৈক্ষিক দিশৰ উন্নয়নৰ সৈতে জড়িত দুই ব্যক্তিক সম্বৰ্ধনা

শিৱসাগৰ জিলাৰ হালোৱাটিঙত সদৌ তাই আহোম ছাত্ৰ সন্থাই বৃহস্পতিবাৰে হালোৱাটিঙৰ দুজন বিশেষ ব্যক্তিক সম্বৰ্ধনা জনায় । আমগুৰি হালোৱাটিং মজদুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক টুপিধৰ গগৈ আৰু বৰছিলাৰ নিবাসী তথা চাহ বাগিচাৰ কৰ্মচাৰী দীপক কুৰ্মীক আটাছুৰ বিষয়ববীয়াসকলে সম্বৰ্ধনা জনায় ।

Felicitation program organized by ATASU at sivsagar haluwating
আটাছুৰ হালোৱাটিংত বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন

আমগুৰি, ২১ আগষ্টঃ শিৱসাগৰ জিলাৰ হালোৱাটিঙত সদৌ তাই আহোম ছাত্ৰ সন্থাই বৃহস্পতিবাৰে হালোৱাটিঙৰ দুজন বিশেষ ব্যক্তিক সম্বৰ্ধনা জনায় । আমগুৰি হালোৱাটিং মজদুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক টুপিধৰ গগৈ আৰু বৰছিলাৰ নিবাসী তথা চাহ বাগিচাৰ কৰ্মচাৰী দীপক কুৰ্মীক আটাছুৰ বিষয়ববীয়াসকলে সম্বৰ্ধনা জনায় ।

আটাছুৰ হালোৱাটিংত বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন
উল্লেখযোগ্য যে, হালোৱাটিঙক শৈক্ষিক দিশত আগুৱাই নিয়াত এই বিশেষ ব্যক্তি দুজনৰ অৱদানক সন্মান প্ৰদৰ্শন কৰি আটাছুৰ বিষয়ববীয়াসকলে উক্ত কাৰ্য্যসূচী ৰূপায়ন কৰে । আমগুৰি হালোৱাটিং উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক টুপিধৰ গগৈয়ে উক্ত বিদ্যালয়ৰ এই বৰ্ষত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক নিজৰ দৰমহাৰ ধনেৰে টিউচনৰ ব্যৱস্থা কৰি দিছিল যাৰ পৰিপেক্ষিতত উক্ত বৰ্ষটোত আগৰ সকলো অভিলেখ ভংগ কৰি ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট সুফল দেখুৱাবলৈ সক্ষম হৈছে । ইয়াৰ লগতে বৰছিলাৰ নিবাসী দীপক কুৰ্মীয়ে নিজা প্ৰচেষ্টাত আৰ্থিকভাৱে পিছপৰা প্ৰায় ১০/১২ গৰাকী যুৱক-যুৱতীক নিজা ঘৰত ৰাখি পঢ়োৱাৰ সম্পূৰ্ণ দায়িত্ব বহন কৰি গৈছে যাৰ ফলত তেওঁৰ তত্বাৱধানত থকা যুৱক-যুৱতীসকলে ভাল ফল দেখুৱাবলৈ সক্ষম হোৱাৰ উপৰিও দুই এজনে কৰ্মসংস্থাপন লাভ কৰিবলৈও সক্ষম হৈছে । সদৌ তাই আহোম ছাত্র সন্থা হালোৱাটিং আঞ্চলিক সমিতিৰ উপদেষ্টা তথা শিৱসাগৰ মহকুমা সমিতিৰ প্ৰচাৰ সম্পাদক গৌতম দিহিঙ্গীয়া, সভাপতি মানস গগৈ, কাৰ্যকৰী সভাপতি মানসজ্যোতি গগৈ, যুটীয়া সম্পাদকদ্বয় ধ্ৰুবজ্যোতি ফুকন আৰু পল্লৱ সন্দিকৈৰ নেতৃত্বত আৰু গৌতম দিহিঙ্গীয়াই আঁতধৰা উক্ত কাৰ্য্যসূচীত আটাছু শিৱসাগৰ জিলা সমিতিৰ কাৰ্য্যনিৰ্বাহক সদস্য বিক্ৰমাদিত্য বড়া, শিৱসাগৰ মহকুমা সমিতিৰ উপ সভাপতি বিমল ফুকন, শিক্ষা সম্পাদক দেৱদত্ত গগৈ , আমগুৰি আঞ্চলিক আটাছুৰ সম্পাদক আদিত্য ৰূচাওৰ লগতে হালোৱাটিং আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে । লগতে পঢ়কঃহিমন্ত বিশ্ব শৰ্মাক ৰাইজৰ ওচৰত ক্ষমা খোজাৰ দাবী কমলাক্ষ দে’ পুৰকায়স্থৰ

ABOUT THE AUTHOR

...view details