অসম

assam

By

Published : Aug 6, 2022, 2:26 PM IST

ETV Bharat / state

Felicitation of Taekwondo Player: আমগুৰিত টাইকোৱাণ্ডো খেলুৱৈক বিশেষ সম্বৰ্ধনা জ্ঞাপন

শিৱসাগৰৰ আমগুৰিত এক বিশেষ অভিনন্দন অনুষ্ঠান । অসম ৰাজ্যিক, আন্তঃজিলা টাইকোৱাণ্ডোত সোণৰ পদক লাভ কৰা টাইকোৱাণ্ডো খেলুৱৈসকলক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে অসম টাইকোৱাণ্ডো একাডেমী ইণ্ডিয়াৰ উদ্যোগত বৃহত্তৰ অসমীয়া যুৱ মঞ্চই(Felicitation Ceremony in Amguri) ।

felicitation of taekwondo player in amguri
আমগুৰিত টাইকোৱাণ্ডো খেলুৱৈক বিশেষ সম্বৰ্ধনা জ্ঞাপন

আমগুৰি,৬ আগষ্ট:শিৱসাগৰৰ আমগুৰিত বিশেষ অভিনন্দন অনুষ্ঠান(Felicitation Ceremony in Amguri) । ৩৭ সংখ্যক কিউৰী আৰু ৯ ম সংখ্যক পুমছে অসম ৰাজ্যিক, আন্তঃজিলা টাইকোৱাণ্ডো প্ৰতিযোগিতা ২০২২ত পদক প্ৰাপ্ত খেলুৱৈ সকলক জ্ঞাপন কৰে সম্বৰ্ধনা ৷ অসম টাইকোৱাণ্ডো একাডেমী ইণ্ডিয়াৰ উদ্যোগত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সহযোগত সম্পন্ন হয় অভিনন্দন অনুষ্ঠানটি(Felicitation of Taekwondo Player) ৷

মাষ্টাৰ ৰাজু কোঁৱৰ আৰু পাৰ্থ শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত সভাপতিত্ব কৰে অনামিকা নেওগ বৈশ্যই ৷ এই অনুষ্ঠানটিত সোণৰ পদক লাভ কৰা তনয়া কোঁৱৰ,পঞ্চী পায়েং, এঞ্জেল প্ৰিয়া শইকীয়া, সুচিত্ৰা বৰা, দিয়া পাত্ৰ, হিমাংশু বৰা, লক্ষ্যদ্বীপ বৰা ,প্ৰিন্স গগৈ, তন্ময় জোনাক গগৈ, শাণ্ডিল্য কাশ্যপ শইকীইয়া, কল্যাণ জ্যোতি গোহাঁই, প্ৰিম ৰৌজী গগৈ, ৰাজকিশোৰ দুৱৰা, অংশুমান দুৱৰা, জ্যোতিষ্মান বৰদলৈ, শান্তনু হাজৰিকা, ৰাজনন্দিনী বৰা, মচেংফা সন্দিকৈ, মৃন্ময় পাল, অহিৰ শইৰীয়া, কস্তুৰীকা গগৈক সম্বৰ্ধনা জ্ঞাপন কৰে ৷

আমগুৰিত টাইকোৱাণ্ডো খেলুৱৈক বিশেষ সম্বৰ্ধনা জ্ঞাপন

এই বিশেষ অনুষ্ঠানটিত সমাজ কৰ্মী পংকজ ভট্ৰাচাৰ্য, সমাজ কৰ্মী মুনিন বৰুৱা, সাংবাদিক বাবুল বৰুৱা ,ৰিতুকল্প গোহাঁই, সমীৰন দুৱৰা ,জীয়াউদ্দিন আহমেদ, দুৰ্মিল বৰুৱা, সমাজ কৰ্মী পুতুল বৰুৱা, মিথু বৰা, আমগুৰি পৌৰ এলেকাৰ এক নং ৱাৰ্ডৰ সদস্যা মানসী বৰাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক:School management committee: চৰকাৰী বিদ্যালয়ৰ পৰিচালনা সমিতিসমূহ ৰাজনীতিকৰণ কৰা হৈছে: কংগ্ৰেছ

ABOUT THE AUTHOR

...view details