আমগুৰি,৯ জুলাই:শিৱসাগৰৰ হালোৱাটিঙত সংঘটিত এক নৃশংস হত্যাকাণ্ড । পিতৃৰ হাততে প্ৰাণ হেৰুৱালে পুত্ৰই(Father kills son in Sivasagar) । হালোৱাটিং খনিকৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা । সাধাৰণ কথাতে পেটত চুৰি সুমুৱাই হত্যা কৰে নিজ পুত্ৰক । হত্যাকাৰী পিতৃৰ নাম গোলাপ খনিকৰ ।
জানিব পৰা মতে মঙলবাৰে নিশা পিতৃ গোলাপ খনিকৰে নিজ পুত্ৰ মধু খনিকৰক সাধাৰণ কাজিয়াৰ পৰিণতিত পেটত চুৰিৰে আঘাট কৰিছিল । ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পুত্ৰ মধু খনিকৰক জয়সাগৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় । কিন্তু ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাতে মৃত্যুমুখত পৰে মধু খনিকৰ ।