আমগুৰি,12 এপ্ৰিল:অ'এনজিচিৰ দায়িত্বহীন কৰ্মৰ বাবে প্ৰতিষ্ঠানটোৰ পৰা নিগৰিত তেলে বিঘাই বিঘাই খেতিপথাৰ নষ্ট কৰি হোৱাৰ অভিযোগ উত্থাপন কৰি তেলসমূহ পথাৰৰ পৰা আঁতৰোৱাৰ বাবে অ'এনজিচি কৰ্তৃপক্ষক দাবী জনাইছে আমগুৰিৰ ৰাইজে ৷
ৰাইজৰ অভিযোগ অনুসৰি, পাইপ ফুটাৰ লগতে প্ৰতিষ্ঠানটোৰ দেৱালৰ ফাঁকেৰে দূষিত পানী আহি পথাৰত পৰে ৷ যাৰ পৰিপ্ৰেক্ষিতত কৃষিৰ ওপৰতে নিৰ্ভৰশীল ৰাইজে মূৰে-কপালে হাত দিবলগীয়া হৈছে ৷ শিৱসাগৰৰ জতকীয়াস্থিত চাৰিআলি জিজিএছৰ বিষয়াৰ নিৰ্দেশত পথাৰৰ মাজত গাঁত খান্দি খাৰুৱা তেলসমূহ পুতি থোৱাৰ লগতে জিজিএছৰ পৰা নিৰ্গত খাৰুৱা তেল তথা দূষিত পানীয়ে ফচল নষ্ট কৰাৰ অভিযোগ উত্থাপন কৰি খাৰুৱা তেলৰ গাঁতে জীৱ-জন্তুৰ জীৱনৰ প্ৰতিও ভাবুকি অনা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে ৷ বহু সময়ত খাৰুৱা তেলৰ গাঁতত পৰি পশুধনৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰি দূষিত পানীয়ে স্বাস্থ্যৰ প্ৰতিও ভাবুকি অনা বুলি স্থানীয় ৰাইজে অভিযোগ কৰে ৷