আমগুৰি, ১১ মাৰ্চ:তথ্য প্ৰযুক্তিবিদ্যাৰ দিনত পথাৰৰ গৰুহালৰ ঠাই ললে যন্ত্ৰই আৰু তাৰ সমান্তৰালভাবে হেৰাই গৈছে গ্ৰাম্যাঞ্চলৰ কৃষিজীৱী ৰাইজৰ কিছুমান পৌৰাণিক পৰম্পৰা বা প্ৰথা । চহা কৃষক জীৱনৰ অবিচ্ছেদ্য অংগটোয়েই হল গোহালিৰ গৰুহাল । গৰুৰ গাখীৰৰ পৰা গোবৰলৈকে প্ৰতিটো বস্তুৱেই কৃষকসকলৰ বাবে গুৰুত্বপূৰ্ণ ।
সেয়েহে গোধনৰ সুস্বাস্থ্যৰ বাবে গ্ৰাম্যাঞ্চলৰ কৃষক ৰাইজৰ মাজত প্ৰচলিত এক প্ৰথা গৰখীয়া সবাহ বা ভোগ । গোপালকসকলে কৃষিকাৰ্যত মনোনিবেশ কৰাৰ পূৰ্বে মাঘ মাহৰ সমাপ্তিৰ পাছতেই বেমাৰ আজাৰৰ পৰা গোহালিৰ গৰুহাল মুক্তি পাবৰ বাবেই পথাৰসমূহত অদৃষ্টজনলৈ সেৱা জনায় আয়োজন কৰে গৰখীয়া সবাহ বা ভোগ ।
শিৱসাগৰ জিলাৰ সীমামূৰীয়া ঐতিহাসিক চিন্তামণিগড়ৰ ৰৌমৰা পথাৰত স্থানীয় ৰাইজে গোধনৰ সুস্বাস্থ্যৰ বাবে আয়োজন কৰিলে গৰখীয়া ভোগ (Farmers observes traditional Garakhiya Bhog) । ধৰ্মীয় পৰম্পৰাৰে গোধনৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জনালে ভগৱানৰ চৰণত । চবকাকে ধৰি অন্যান্য বেমাৰৰ পৰা যাতে কৃষিকাৰ্যত ব্যৱহৃত গৰুহাল সুৰক্ষিত হৈ থাকে তাৰ বাবে স্থানীয় ৰাইজে ধৰ্মীয় বিশ্বাস আৰু প্ৰচলিত পৰম্পৰাক জীয়াই ৰখাৰ চেষ্টা কৰিছে ।