শিৱসাগৰ, ১৬ ছেপ্টেম্বৰ: ক্ষতিপূৰণ আৰু বিকল্প সংস্থাপনৰ দাবীত ৰাজপথলৈ ওলাই আহিল শিৱসাগৰৰ গো-পালক । গো-সুৰক্ষা আইনৰ বাবে ক্ষতিৰ সন্মুখীন হোৱাৰ অভিযোগ তুলিছে এই গো-পালকসকলে । তেওঁলোকৰ মতে, এই আইনখনৰ বাবে তেওঁলোকৰ উপাৰ্জনৰ পথ প্ৰায় বন্ধ হৈ পৰিছে । জিলাখনৰ নৈপৰীয়া অঞ্চলৰ গো-পালকে আৰ্থিক অনাটনত ভূগিবলগীয়া হৈছে ।
কিয়নো, কৃষকসকলে হাজাৰ হাজাৰ টকা ব্যয় কৰি গো-ধন পালন কৰিছে যদিও এতিয়া বিক্ৰী কৰিব পৰা নাই । সেয়ে, লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে । উপায়হীন হৈ বুধবাৰে উপযুক্ত ক্ষতিপূৰণ আৰু বিকল্প সংস্থাপনৰ দাবীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে গো-পালকসকলে । হাতে হাতে বিভিন্ন শ্ল'গান সম্বলিত প্লে'কাৰ্ড লৈ সমদলত অংশ লয় গো-পালকসকলে আৰু শিৱসাগৰ জিলাৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
গো-পালকসকলে জনোৱা মতে, জিলাখনৰ নৈপৰীয়া অঞ্চলৰ কেইবাখনো গাঁৱৰ প্ৰায় প্ৰতিটো পৰিয়ালে গো-পালন কৰে । কৃষকসকলৰ জীৱন আৰু জীৱিকাৰ অন্যতম উৎস হ'ল গো-পালন ।