আমগুৰি, ১২ নৱেম্বৰ :আহোমৰ চকলং বিয়া খাবলৈ যোৱাৰ অপৰাধত শেহতীয়াভাৱে শংকৰ সংঘই এঘৰীয়া কৰিছিল চাৰিটা পৰিয়ালক (Sankar Sangha Controversy) । যোৰহাটৰ মৰিয়নি লাহিং অঞ্চলত সংঘটিত হয় এই ঘটনা । পৰৱৰ্তী সময়ত আহোম সম্প্ৰদায়ৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদত সেও মানি শংকৰ সংঘই এই সিদ্ধান্ত বাতিল কৰে ।
কিন্তু তাৰ পিছতো শংকৰ সংঘৰ বিষয়ববীয়াই উক্ত ঘটনাৰ বাবে ক্ষমা নিবিচাৰিলে কঠোৰ পদক্ষেপ গ্ৰহণৰ কথা উল্লেখ কৰিছিল টাইপাই । তাৰ ফলশ্ৰুতিতে ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ বাধ্য হৈছিল শংকৰ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে । এইবাৰ পিছে শংকৰ সংঘ নহয়, এক বিশেষ কাৰণত এখন গাঁৱৰ ৰাইজে এঘৰীয়া কৰিলে এটা পৰিয়ালক (Family expelled by society in Gourisagar) ।
যাৰ বাবে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে শিৱসাগৰ জিলাৰ গৌৰীসাগৰত । ঘটনাটো ঘটিছে গৌৰীসাগৰৰ ৰূপহীমুখ মিচিং গাঁৱত । শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ ৰূপহীমুখত বিদ্যালয় বদলি নকৰাৰ বাবে এঘৰীয়া কৰিলে এটা পৰিয়ালক (Family expelled for school matter) । ১নং ৰূপহীমুখ মিচিং গাঁৱত সংঘটিত হৈছে এই ঘটনা ।