শিৱসাগৰ, 11 জুন :বাঘজানৰ ভয়ংকৰ অগ্নিকাণ্ডৰ সাক্ষী হৈ ৰোৱা শিৱসাগৰৰ অ' এন জি চিৰ অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰী আকাশ জ্যোতি দাসৰ ভয়ংকৰ বৰ্ণনা ৷ কেনেকৈ জ্বলি উঠিছিল তৈল্যখাদটো ৷ কি দৰে হাবাথুৰি খাইছিল প্ৰাণৰ মমতাত শুনক তেওঁৰ মুখেৰেই :
বাঘজান তৈল্যখাদ বিস্ফোৰণ : প্ৰত্যক্ষদৰ্শীৰ মুখেৰে হুবহু বিৱৰণ ! - fire brigade
বাঘজান ঘটনাৰ প্ৰত্যক্ষদৰ্শী আকাশজ্যোতি দাসে অইল ইণ্ডিয়াই পানীৰ সুবিধাৰ বাবে খন্দা পুখুৰীত জাপ মাৰি প্ৰাণ ৰক্ষা কৰিছিল । পুখুৰীত জাঁপ দি এয়া জীৱনৰ শেষ সময় বুলি ভবা যুৱকজনে নিজকে ৰক্ষা কৰাৰ বাবে অপ্ৰাণ চেষ্টা কৰিছিল । অৱশেষত এডাল পাইপৰ সহায়ত পানীৰ মাজৰ পৰা ওলাই আহিবলৈ সক্ষম হয় আকাশ । শুনক কেই ভয়ংকৰ ঘটনাৰ হুবহু বিৱৰণ...
![বাঘজান তৈল্যখাদ বিস্ফোৰণ : প্ৰত্যক্ষদৰ্শীৰ মুখেৰে হুবহু বিৱৰণ ! eye witness expressed what was happening in Baghjan](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7580088-thumbnail-3x2-ff.jpg)
eye witness expressed what was happening in Baghjan
পানীৰ তলত মোৰ কণমানি জনীলৈ মনত পৰিছিল !
শ্বাস-প্ৰশ্বাসৰ সমস্যাত আক্ৰান্ত আকাশক ততালিকে অইলৰ চিকিৎসা সেৱা কেন্দ্ৰলৈ লৈ যোৱা হৈছিল। চিকিৎসাৰ বাবে নিয়াৰ পথত বাঘজানৰ একাংশ লোকৰ অত্যাচাৰৰ সম্মুখীন হৈছিল আকাশ। কেনেদৰে পালেগৈ হাস্পতাল, শুনক সেই ভয়ংকৰ কাহিনী :
ভবা নাছিলোঁ বাচি আহিম বুলি !