আমগুৰিত মানৱতাৰ অপূৰ্ব নিদৰ্শন আমগুৰি, ২৬ মে': মানৱতা আজিও শেষ হৈ যোৱা নাই । চাৰিওফালে হত্যা-হিংসা-ধৰ্ষণৰ দৰে বৰ্বৰতা বাতৰিৰ মাজতে এটা ভাল বাতৰি । আমগুৰিত দেখা গ'ল মানৱতাৰ এক সুন্দৰ নিদৰ্শন । আমগুৰিৰ ১ নং চিন্তামণিগড়ত মানসিকভাৱে অসুস্থ এজন ব্যক্তিক কেইজনমান যুৱকে দেখুৱালে মানৱতাৰ নিদৰ্শন (Extraordinary example of humanity in Amguri) ।
মানসিকভাৱে অসুস্থ ব্যক্তিজনক স্থানীয় কেইজনমান যুৱকে উদ্ধাৰ চুলি-দাড়ি কাটি দিয়ে । লোকজনে পৰিধান কৰা মলিয়ন সাজযোৰ আঁতৰাই গা ধুৱাই সৰ্বশৰীৰ পৰিস্কাৰ কৰে । গাঁৱৰে কেইজনমান যুৱকে নতুন সাজপাৰ পিন্ধোৱাৰ লগতে এযোৰ চচমা পিন্ধাই দিয়ে অসুস্থ ব্যক্তিজনক ।
মানৱদৰদী যুৱককেইজনে মানসিকভাৱে অসুস্থ ব্যক্তিজনক শুশ্ৰূষা কৰি ফটো উঠিলে । সেই মূহুৰ্ত্বতে অসুস্থ ব্যক্তিজনো যেন সুস্থ হৈ উঠিল । যুৱককেইজনৰ লগত হাঁহিলে, ফটো উঠিলে, কথাও পাতিলে । মানৱতাৰ চৰম অৱক্ষয়ৰ মাজতে চিন্তামণিগড়ৰ এইকেইজন যুৱকৰ এনে কাৰ্যক সকলোৱে প্ৰশংসাৰে ওপচাই তোলে (Example of humanity) ।
ৰাজ্যৰ চৌদিশে এনে বহু মানসিকভাৱে অসুস্থ লোক ঘূৰি ফুৰে । যিসকল লোকৰ খবৰ ল'বলৈ কাৰোৰে আহৰি নাই । মলিয়ন কাপোৰ, হাতত এটা ফটা বেগ, চুলি-দাড়ি দীঘল হৈ পদপথত ঘূৰি ফুৰা এনে ব্যক্তিৰ চকু ৰখা কোনো নাই । মানসিকভাৱে অসুস্থ এই লোকসকলৰো আছে নিজা একোখন ঘৰ (Story of humanity) ।
কিন্তু সেই ঘৰখন এৰি জীৱনৰ মায়া-মোহ ত্যাগ কৰি পদপথত ঘূৰি ফুৰা এই লোকসকলক নিজা আপোন ঘৰখন, আপোন মানুহবোৰেও ত্যাগ কৰে । উপযুক্ত চিকিৎসাৰ অভাৱৰ কাৰণেও বহু লোক মানসিকভাৱে অসুস্থ হৈ উঠে । তেনে এজন অসুস্থ লোকক কেইজনমান যুৱকে উদ্ধাৰ কৰি যি মানৱতাৰ নিদৰ্শন দেখুৱালে সেইয়া সঁচাই প্ৰশংসনীয় ।
জানিব পৰা মতে চিন্তামণিগড় অঞ্চলটোত যোৱা কেইবাদিনো ধৰি ৰ'দ-বৰষুণ নেওচি অনাই-বনাই ঘূৰি ফুৰিছিল ব্যক্তিজনে । স্থানীয় যুৱকসকলে ব্যক্তিজনক এনে অৱস্থাত দেখি পুতৌ জন্মাত শৰীৰৰ মলিয়ন কাপোৰ আঁতৰাই নতুন সাজপাৰ পিন্ধাই নতুন এক জীৱন দান কৰে ।
লগতে পঢ়ক:Protest at Namti Boys HS School:নামতি বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তাল পৰিৱেশ !