শিৱসাগৰ, ১০ আগষ্ট:শিৱসাগৰত আজাদী কা অমৃত মহোৎসৱ(Azadi ka Amrit mohotsav)উপলক্ষে জিলা আৰক্ষীয়ে স্থানীয় ৰাইজৰ সৈতে এখন প্ৰীতি ফুটবল খেলত অংশ গ্ৰহণ কৰে(Police participated in friendly football match with local people)। স্বাধীনতা দিৱসৰ ৭৫ বছৰ উপলক্ষে সমগ্ৰ ভাৰতত স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰা হৈছে । মহোৎসৱৰ লগত সংগতি ৰাখি চৰকাৰ তথা চৰকাৰী বিভাগ সমূহৰ উদ্যোগত গ্ৰহণ কৰা হৈছে বিভিন্ন কাৰ্যসূচী । চৰকাৰী বিভাগবোৰৰ সৈতে ৰাইজৰ সম্পৰ্ক ওচৰ চপাই অনা অমৃত মহোৎসৱৰ অন্য এক প্ৰধান লক্ষ্য ।
আজাদী কী অমৃত মহোৎসৱ উপলক্ষে মঙলবাৰে জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত শ'লগুৰি খেল পথাৰত শিৱসাগৰ আৰক্ষী আৰু স্থানীয় খঢ়াগড় যুৱ সমাজৰ মাজত এক প্ৰীতি ফুটবল খেলৰ আয়োজন কৰে । শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই দুয়ো পক্ষৰ খেলুৱৈ সকলৰ সৈতে চিনাকী হৈ খেলৰ মাধ্যমেৰে আৰক্ষী আৰু ৰাইজৰ মাজত সম্পৰ্ক বৃদ্ধিৰ পোষকতা কৰি প্ৰীতি ফুটবল খেলখন মুকলি কৰে ।