শিৱসাগৰ,17 ডিচেম্বৰ : আজি ঘোষণা কৰা হ’ব অসম জাতীয় পৰিষদৰ চালিকা শক্তি অৰ্থাৎ কাৰ্যনিৰ্বাহক সমিতি । শিৱসাগৰ নগৰত চলি থকা নতুন জাতীয়তাবাদী আঞ্চলিক শক্তি অসম জাতীয় পৰিষদৰ প্ৰথমখন ৰাজনৈতিক অভিৱৰ্তনৰ দ্বিতীয় দিনা স্থানীয় নাট্য মন্দিৰত চলি আছে প্ৰতিনিধি সভা ।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক প্ৰতিনিধিয়ে দলৰ খচৰা সংবিধান গ্ৰহণ কৰাৰ পাচত দলৰ কাৰ্যনিৰ্বাহক সমিতি নিৰ্বাচনৰ আলোচনা অব্যাহত আছে । ইয়াৰ পাচতে ঘোষণা কৰা হ’ব পৰৱৰ্তী সময়ত দলক নেতৃত্ব প্ৰদান কৰিবলগীয়া লোকসকলৰ নাম আৰু পদবী ।