শিৱসাগৰ, 19 ফেব্ৰুৱাৰীঃ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ কুমাৰ দাসে মঙলবাৰে শিৱসাগৰত এক দলীয় সভাত অংশগ্ৰহণ কৰিছিল ৷ সেই সভাৰ পৰাই তেওঁ দলৰ 100+ বিধানসভা আসন দখলৰ অভিযানৰ বাবে 2021 নিৰ্বাচনলৈ সাজু হ'বলৈ আহ্বান জনাই সমৰ্থক তথা দলীয় কৰ্মীসকলক ৷ উল্লেখ্য যে বিজেপিৰ দখলত নথকা সমষ্টিসমূহত বিগত দিনবোৰত সাংগঠনিক স্থিতিৰ বুজ লৈ আছে বিজেপি সভাপতিগৰাকীয়ে ৷
আনহাতে দিল্লীত বিজেপি দলৰ বিপৰ্যয়, ‘কা’ বিৰোধী আন্দোলন, অৰ্থনৈতিক বিপৰ্যয় ইত্যাদি বিষয়সমূহে ৰাইজক বিজেপি বিৰোধী কৰাৰ পাছতো বিজেপিৰ এনে ১০০+ অভিযান কি দৰে সম্ভৱ হ'ব সেই সন্দৰ্ভথ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে বিজেপি দিল্লীত হৰা নাই ৷ ‘কা' আন্দোলন এক ক্ষন্তেকীয়া আৱেগহে । এনে আৱেগৰ ফলতে ‘85’ চনত এখন নতুন চৰকাৰ গঠন হৈছিল ৷ এতিয়াও অসমীয়া জাতি কিছু আৱেগিক সময়ত আছে । কিন্তু সময় পাৰ হ’লে সকলো পাহৰিব এই মন্তব্য কৰে সভাপতিগৰাকীয়ে ৷ অসমীয়া জাতিৰ শত্ৰু নহয় বিজেপি, অসমীয়া জাতি সত্বাৰ বিৰুদ্ধে বিজেপি দল কেতিয়াও নাযায় বুলি তেওঁ উল্লেখ কৰে ৷