অসম

assam

ETV Bharat / state

ঐতিহাসিক নামদাং নৈত খনন একাংশ ভূ-মাফিয়াৰ - অভিযোগ

শিৱসাগৰৰ শ’লগুৰিত বোৱতী নৈক ভেটা দি ভূ-মাফিয়া চক্ৰৰ বৃহৎ বেপাৰ । ঐতিহাসিক নামদাং নৈক ভেটি দিনে-নিশাই সৰবৰাহ কৰিছে মাটি ভৰ্তি বাহনৰ । জিলা বন বিভাগ গভীৰ নিদ্ৰাত থকাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

namdang river excavation
নামদাং নৈত খনন

By

Published : Dec 11, 2020, 1:14 PM IST

আমগুৰি,11 ডিচেম্বৰ : শিৱসাগৰ জিলাৰ ইতিহাস প্ৰসিদ্ধ নামদাং নৈত চলিছে অসাধু ব্যৱসায়ীৰ বৃহৎ বান্ধ ৷ শ’লগুৰিত বোৱতী নৈৰ ওপৰত ভেটা দি দৈনিক পুৱতি নিশা 5-6 খন গাড়ীৰে অহৰহ মাটি কঢ়িওৱা পৰিলক্ষিত হৈছে ৷ নৈখনক ভেটা দি ভূ-মাফিয়া চক্ৰ নামিছে মাটি খননত ।

নামদাং নৈত খনন

ঘটনা সন্দৰ্ভত শিৱসাগৰ জিলা বন বিভাগে কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ স্থানীয় লোকৰ সুবিধা-অসুবিধালৈ গুৰুত্ব নিদি মাফিয়া চক্ৰৰ এনে কাণ্ডৰ বিৰুদ্ধে সচেতন লোকে ক্ষোভ উজাৰিছে ।

লগতে পঢ়ক :জাগীৰোডত ব্ৰইলাৰৰ অৱশিষ্ট কঢ়িয়াই অনা চাৰিখনকৈ বাহন জব্দ

ABOUT THE AUTHOR

...view details