অসম

assam

ETV Bharat / state

প্ৰাক্তন ৰাজ্যপাল দেৱানন্দ কোঁৱৰৰ শেষকৃত্য সম্পন্ন - তিনিজাই টোপধ্বনিৰে শেষ শ্ৰদ্ধা জ্ঞাপন

দেওবাৰে ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন হয় প্ৰাক্তন ৰাজ্যপাল দেৱানন্দ কোঁৱৰৰ ৷ শেষকৃত্যৰ সময়ছোৱাত প্ৰয়াত কোঁৱৰৰ বাসগৃহ শিৱসাগৰৰ নিতাইপুখুৰীৰ কোঁৱৰ গাঁৱত পৰিয়াল,আত্মীয়-স্বজনৰ মাজত শোকাকুল পৰিৱেশে বিৰাজ কৰাৰ লগতে পুৱাৰে পৰা অনেক গুণমুগ্ধই ভিৰ কৰে । মৃত্যুৰ পূৰ্বে বৰ্ষীয়ান ৰাজনীতিবিদগৰাকীয়ে নিজৰ অন্তিম সৎকাৰ পিতৃ পদ্মকান্ত কোঁৱৰৰ সৎকাৰ কৰা স্থানতে কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল আৰু সেই হেতুকে নিতাইপুখুৰীৰ কোঁৱৰ গাঁৱৰ গড়কাপ্তানী বিভাগৰ পৰিদৰ্শন বাংলোৰ সন্মুখতে অন্তিম সৎকাৰ কৰা হয় প্ৰয়াত দেৱানন্দ কোঁৱৰৰ ৷

প্ৰাক্তন ৰাজ্যপাল দেৱানন্দ কোঁৱৰৰ শেষকৃত্য সম্পন্ন
প্ৰাক্তন ৰাজ্যপাল দেৱানন্দ কোঁৱৰৰ শেষকৃত্য সম্পন্ন

By

Published : Apr 26, 2020, 1:04 PM IST

শিৱসাগৰ, 26 এপ্ৰিল : বৰ্ষীয়ান ৰাজনীতিবিদ,থাওৰা সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক,বিহাৰ,পশ্চিমবংগ আৰু ত্ৰিপুৰাৰ প্ৰাক্তন ৰাজ্যপাল দেৱানন্দ কোঁৱৰৰ দেওবাৰে ৰাজ্যিক মৰ্যদাৰে শেষকৃত সম্পন্ন কৰা হয় ৷ ৰাজ্যিক মৰ্যদাৰে তিনিজাই টোপধ্বনিৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে প্ৰয়াত ৰাজনীতিবিদ গৰাকীক ৷ উল্লেখ্য যে,মৃত্যুৰ পূৰ্বে তেওঁ নিজৰ অন্তিম সৎকাৰ তেওঁৰ পিতৃ পিতৃ পদ্মকান্ত কোঁৱৰৰ সৎকাৰ কৰা স্থানতে কৰিবলৈ পৰিয়ালৰ আগত ইচ্ছা প্ৰকাশ কৰা হেতুকে নিতাই কোঁৱৰ গাঁৱৰ গড়কাপ্তানী বিভাগৰ পৰিদৰ্শন বাংলোৰ সন্মুখত তেওঁৰ শেষকৃত সম্পন্ন কৰে ৷

প্ৰাক্তন ৰাজ্যপাল দেৱানন্দ কোঁৱৰৰ শেষকৃত্য সম্পন্ন

প্ৰয়াত কোঁৱৰৰ বাসগৃহ শিৱসাগৰৰ নিতাইপুখুৰীৰ কোঁৱৰ গাঁৱত পৰিয়াল আৰু আত্মীয়-স্বজনৰ মাজত শোকাকুল পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে অনেক গুণমুগ্ধই ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি দেৱানন্দ কোঁৱৰৰ নশ্বৰ দেহ ৰাজহ মন্ত্ৰী যোগেন মোহনে নিতাইপুখুৰীৰ বাসগৃহলৈ নিয়াৰ ব্যৱস্থা কৰিছিল ৷ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত মন্ত্ৰী যোগেন মোহন,সাংসদ তপন কুমাৰ গগৈ,সাংসদ কামাখ্যা প্ৰসাদ তাছা,বিধায়ক কুশল দুৱৰী,প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহাঁইউপস্থিত থাকে ৷

নিতাইপুখুৰীৰ কোঁৱৰ গাঁৱৰ প্ৰয়াত পদ্মকান্ত কোঁৱৰ আৰু কুসুম কুমাৰী কোঁৱৰৰ জেষ্ঠ পুত্ৰ দেৱানন্দ কোঁৱৰে ১৯৩৬ চনত তিনিচুকীয়াৰ ৰজাআলি চাহ বাগিচাত জন্মগ্ৰহণ কৰে আৰু নিতাইপুখুৰী প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা সমাপ্ত কৰি শিৱসাগৰ চৰকাৰী বহুমুখী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় ৷ কটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী প্ৰয়াত দেৱানন্দ কোঁৱৰে গুৱাহাটী বিশ্ববিদ্যালয়ত আইন বিভাগত দ্বিতীয়বাৰৰ বাবে ডিগ্ৰী লাভ কৰি দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে ৷ ১৯৮১ চনত অসম আন্দোলনৰ সময়ছোৱাত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈ শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা আঢ়ৈ বছৰৰ বাবে বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰে ৷ ১৯৯১, ১৯৯৬ আৰু ২০০১ চনত তিনিটা কাৰ্যকাল থাওৰা সমষ্টিক প্ৰতিনিধিত্ব কৰে ৰাজনীতিবিদগৰাকীয়ে ৷

ইয়াৰোপৰি তেওঁ হিতেশ্বৰ শইকীয়া মন্ত্ৰীসভাৰ আইন মন্ত্ৰী আৰু তৰুণ গগৈ মন্ত্ৰীসভাৰ দুটা কাৰ্যকাল বিত্ত মন্ত্ৰী,আইন আৰু ৰাজহ মন্ত্ৰী আছিল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ৷ পৰৱৰ্তী সময়ত তেওঁ ২০০৯ চনৰ পৰা ২০১০ চনলৈ পশ্চিমবংগ,২০০৯ৰ পৰা ২০১৩ লৈ বিহাৰ আৰু ২০১৩ৰ পৰা ২০১৪ লৈ ত্ৰিপুৰাৰো ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

লগতে পঢ়ক : লক ডাউন ভংগঃ ৰঙিয়াত আটক 20 জন

ABOUT THE AUTHOR

...view details