অসম

assam

ETV Bharat / state

Municipal Election 2022 : শিৱসাগৰত তিনিটাকৈ ভোটগ্ৰহণ কেন্দ্ৰৰ ইভিএমত বিসংগতি - পৌৰ নিৰ্বাচনৰ ভোটদান

অব্যাহত আছে শিৱসাগৰ পৌৰসভাৰ নিৰ্বাচন (Assam Municipal Election 2022) ৷ শিৱসাগৰৰ ১০ নং ৱাৰ্ডৰ ফুকন নগৰ প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত পুৱাৰ ভাগত বিকল হয় ইভিএম মেচিন (EVM machine failed at Ward no 10 in Sivasagar) ৷ বিকল্প ইভিএমত ইতিমধ্যে কৰা হৈছে ভোটগ্ৰহণ ৷ ইয়াৰোপৰি ১ নং টাউন নিম্ন প্ৰাথমিক বিদ্যালয় আৰু ৮ নং ৱাৰ্ডৰ প্ৰথম খণ্ডটো বিকল হৈছে ইভিএম মেচিন ৷

শিৱসাগৰৰ ১০ নং ৱাৰ্ডৰ ভোটগ্ৰহণ কেন্দ্ৰত পুৱাই বিকল হ’ল ইভিএম মেচিন
শিৱসাগৰৰ ১০ নং ৱাৰ্ডৰ ভোটগ্ৰহণ কেন্দ্ৰত পুৱাই বিকল হ’ল ইভিএম মেচিন

By

Published : Mar 6, 2022, 9:31 AM IST

Updated : Mar 6, 2022, 12:24 PM IST

শিৱসাগৰ, 6 মাৰ্চ :দেওবাৰে পুৱাই শিৱসাগৰত ঘটিল অথন্তৰ ৷ দেওবাৰে পুৱাৰ ভাগতে বিকল হৈ পৰিল শিৱসাগৰৰ ১০ নং ৱাৰ্ডৰ ফুকন নগৰ প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰৰ ইভিএম মেচিন (EVM machine failed at Ward no 10 in Sivasagar) ৷ যাৰ বাবে বিকল্প ইভিএমত ভোটগ্ৰহণ কৰা হয় কেন্দ্ৰটোত ৷

তথ্য অনুসৰি, ফুলেশ্বৰী বিদ্যালয়ৰ ষ্ট্ৰং ৰূমত উক্ত ভোটগ্ৰহণ কেন্দ্ৰৰ দ্বিতীয় বিকল্প ইভিএম ৱাৰ্ডৰ প্ৰাৰ্থী আৰু প্ৰতিনিধিৰ উপস্থিতিত লটাৰী সম্পন্ন হয় ৷ কেৱল ১০ নং ৱাৰ্ডৰ ফুকন নগৰ প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰতে নহয়, ১ নং টাউন নিম্ন প্ৰাথমিক বিদ্যালয় আৰু ৮ নং ৱাৰ্ডৰ প্ৰথম খণ্ডটো বিকল হৈছে ইভিএম মেচিন ৷ জানিব পৰা মতে, সলনি কৰা হ’ব বিকল হোৱা ইভিএম মেচিন কেইটা ৷

শিৱসাগৰত তিনিটাকৈ ভোটগ্ৰহণ কেন্দ্ৰৰ ইভিএমত বিসংগতি

উল্লেখ্য যে, দেওবাৰে পুৱা ৮ বজাৰ লগে লগে ৰাজ্যৰ মুঠ ৮০ টা ৱাৰ্ডত আৰম্ভ হয় ৰাজ্যৰ পৌৰসভা নিৰ্বাচন (Assam Municipal Election 2022) ৷ ৰাজ্যৰ ভিন্নক্ষেত্ৰৰ লেখীয়াকৈ শিৱসাগৰতো পুৱা ৮ বজাৰ লগে লগে আৰম্ভ হয় পৌৰ নিৰ্বাচনৰ ভোটগ্ৰহণ পৰ্ব ৷ শিৱসাগৰ পৌৰসভাৰ ১৪ টা ৱাৰ্ডৰ বাবে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা মুঠ ৩৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ইভিএম মেচিনৰ বুটাম টিপি নিৰ্ণয় কৰিব শিৱসাগৰ পৌৰ এলেকাৰ ৩২৮৬৮ জন ভোটাৰে ৷ শিৱসাগৰ পৌৰসভাৰ ১৪ টা ৱাৰ্ডৰ মুঠ ৩৮ টা ভোটগ্ৰহণ কেন্দ্ৰত পুৱা ৮ বজাৰ পৰা আৰম্ভ হয় ভোটগ্ৰহণ ৷

লগতে পঢ়ক :ৰাইজক সুৰক্ষা আৰু উন্নয়ন দিব পৰা একমাত্ৰ দল এতিয়া বিজেপি : সৰ্বানন্দ সোণোৱাল

Last Updated : Mar 6, 2022, 12:24 PM IST

ABOUT THE AUTHOR

...view details