অসম

assam

ETV Bharat / state

বিতৰ্কত পৰ্বতাৰোহী নৱ কুমাৰ ফুকন: সকলো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সাজু পৰ্বতাৰোহী গৰাকী - Paper alleged to have published misinformation about Nav Kumar Phukan

এভাৰেষ্ট জয় কৰি ৰাজ্য তথা দেশলৈ গৌৰৱ কঢ়িয়াই অনা পৰ্বতাৰোহী নৱ কুমাৰ ফুকন সোমাই পৰিছে বিতৰ্কত(Mountaineer Nav Kumar Phukan in controversy) । সংবাদমেলযোগে গ্ৰহণ কৰিলে প্ৰত্যাহ্বান । অসমীয়াক লজ্জানত কৰিছে বুলি এখন পত্ৰত লিখা এক প্ৰৱন্ধক লৈ নৱ ফুকনে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ।

everest winner nav kumar phukan press conference in sivasagar
পৰ্বতাৰোহী নৱ কুমাৰ ফুকনৰ সংবাদ মেল: সকলো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সাজু পৰ্বতাৰোহী গৰাকী

By

Published : May 16, 2022, 9:28 PM IST

শিৱসাগৰ,১৬ মে':শিৱসাগৰত এভাৰেষ্ট বিজয়ী নৱ কুমাৰ ফুকনৰ সংবাদ মেল । এখন কাকতত নৱ কুমাৰ ফুকন সম্পৰ্কত ভুল তথ্য প্ৰকাশ কৰাৰ অভিযোগ(Paper alleged to have published misinformation about Nav Kumar Phukan) । ২০১৬ত নৱ কুমাৰ ফুকনে হিমালয়ৰ সু-উচ্চ শিখৰত আৰোহণ কৰিছিল(Navkumar Phukan climbed the high peaks of the Himalayas in 2016) । এভাৰেষ্ট আৰোহণকাৰী দলটোৰ দলপতি আছিল নৱ কুমাৰ ফুকন ।

পৰৱৰ্তী সময়ত দলটোৰ হাৰিয়ানাৰ দুই সদস্যই ভুৱা প্ৰমাণ পত্ৰ প্ৰচাৰ কৰিছিল । ইয়াৰে এজন নিৰ্বাচিত হৈছিল এক ৰাষ্ট্ৰীয় বঁটাৰ বাবে । তাৰেই বিৰোধিতা কৰিছিল নৱ কুমাৰ ফুকনে । সেই বিতৰ্কৰ বাবেই এভাৰেষ্ট আৰোহণত ৬ বছৰৰ বাবে নিষেধাজ্ঞা জাৰি কৰা হৈছিল ফুকনক ।

পৰ্বতাৰোহী নৱ কুমাৰ ফুকনৰ সংবাদ মেল: সকলো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সাজু পৰ্বতাৰোহী গৰাকী

কিন্তু কাকতখনত প্ৰকাশ পাইছে বিপৰীত তথ্য । সংবাদ মেলত নৱ কুমাৰ ফুকনে জনাই যে দলৰ দলপতি হোৱাৰ বাবেহে তেঁওৰ ওপৰত ৬ বছৰৰ নিষেধাজ্ঞা জাৰি কৰিছিল । দলপতি হিচাপে তথ্য পৰীক্ষা নকৰাৰ বাবেহে নিষেধাজ্ঞাৰ সন্মুখীন হৈছিল ।

সংবাদ পত্ৰখনৰ এটা প্ৰৱন্ধত অসমীয়াক লজ্জানত কৰিছে বুলি লিখা প্ৰৱন্ধক লৈ নৱ ফুকনে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া । প্ৰৱন্ধটোৰ লেখক হেমন্ত বেজবৰুৱাৰ ওচৰত তথ্য যদি আছে তেন্তে প্ৰকাশ কৰাৰ আহ্বান জনাই পৰ্বতাৰোহী গৰাকীয়ে । সকলো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সাজু থকা নৱ ফুকনে পৰ্ৱৰ্তী সময়ত আইনৰ কাষ চপাৰ কথাও উল্লেখ কৰে ।

লগতে পঢ়ক:ৰাজ্যত 3.9 প্ৰাৱল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত

ABOUT THE AUTHOR

...view details