আমগুৰি,২৪ ডিচেম্বৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মৰ প্ৰভাৱে সামৰি লৈছিল জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অসমৰ প্ৰতিটো প্ৰান্তৰ লোকক । কেৱল অসমৰে নহয় উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য প্ৰান্তটো বিৰাজমান শংকৰ গুৰুজনাৰ একশৰণ নামধৰ্মৰ প্ৰভাৱ । নগা লোকসকলক প্ৰতিনিধিত্ব কৰা নৰোত্তম আছিল শংকৰদেৱৰ অন্যতম প্ৰিয় শিষ্য । শংকৰদেৱৰ ধৰ্ম প্ৰচাৰৰ বাবে অসমৰ চুকে কোণে প্ৰতিষ্ঠা হৈছে নামঘৰসমূহ । প্ৰকৃততে নামঘৰৰ উপস্থিতিয়ে শংকৰ-ধৰ্মক এক নিজস্ব ধাৰাৰে বন্দী কৰিছিল ।
অসমৰ চুবুৰীয়া ৰাজ্য নগালেণ্ডত ধৰ্মীয়-পৰম্পৰা-সংস্কৃতি ৰক্ষাৰ বাবে প্ৰতিষ্ঠা কৰা হৈছিল নামঘৰ । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য সৃষ্টি নামঘৰৰ যোগেদি নাগালেণ্ডত সমন্বয়ৰ বাৰ্তা বিলাইছে অসমৰ কেইবাটাও পৰিয়ালে । নাগালেণ্ডৰ মোককচং জিলাৰ টুলীত নামঘৰ প্ৰতিষ্ঠা কৰি শ্ৰীমন্ত শংকৰ গুৰুজনাৰ আদৰ্শক প্ৰাণৱন্ত কৰি তুলিছে । ১৯৯৪ চনতে নগালেণ্ড টুলী পেপাৰ মিলত কৰ্মৰত অসমৰ বহুকেইটা পৰিয়ালে প্ৰতিষ্ঠা কৰে সাৰ্বজনীন নামঘৰ ।