আমগুৰি, 3 অক্টোবৰ :আমগুৰিত নামতি নদীৰ ব্যাপক গৰাখহনীয়া ৷ খহনীয়াই লৈছে ভয়ংকৰ ৰূপ ৷ ফলত হাহাকাৰ নৈপৰীয়া ৰাইজ ৷ উল্লেখ্য যে, শিৱসাগৰ জিলা জলসম্পদ বিভাগৰ অধীনস্থ আমগুৰিৰ নামতি নদীত ব্যাপক গৰাখহনীয়াৰ সৃষ্টি হোৱাত স্থানীয় লোকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
কিয়নো দিকচু মাউৎ গাঁৱৰ সমীপৰ বহু কৃষিভূমি ইতিমধ্যে নৈ বুকুত জাহ গৈছে ৷ লগতে দিকচু মাউৎ গাঁৱৰ 300 পৰিয়াললৈ আহিছে ভাবুকি ৷ নামতি নদীৰ বুকুত যিকোনো মুহূতৰ্তে জাহ যোৱাৰ উপক্ৰম হৈছে মথাউৰি ৷ যদিহে শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে গাঁওখন নৈ বুকুত জাহ যাব বুলিও মন্তব্য কৰে স্থানীয় ৰাইজে ৷
উল্লেখ্য যে 20214-15 চনতে সেই সময়ৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা আমগুৰি সমষ্টিৰ বিধায়ক অঞ্জন দত্তই দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা শিতানৰ দ্বাৰা নামতি নদীৰ দুয়ো পাৰৰ মথাউৰি বান্ধি বান প্ৰতিৰোধৰ ব্যৱস্থা কৰিছিল । পৰৱৰ্তী সময়ত নামতি নদীৰ মথাউৰি মেৰামতিৰ অভাৱত বিভিন্ন অংশত গৰা খহিবলৈ আৰম্ভ কৰিছে । এই অভিযোগ ৰাইজৰ ৷