অসম

assam

সামৰণি পৰিল শিৱসাগৰৰ শিৱৰাত্ৰী মহোৎসৱঃ লোকচানৰ হুমুনিয়াহ কাঢ়ি ঘৰমুৱা ব্যৱসায়ী

By

Published : Feb 23, 2020, 9:37 PM IST

আজি সামৰণি পৰিল চাৰি দিনীয়া কাৰ্যসূচীৰে আয়োজিত শিৱসাগৰৰ মহাশিৱৰাত্ৰী উৎসৱৰ ৷ লাখ লাখ ভক্তৰ ভক্তিত আধ্যাত্মিক পৰিৱেশৰ মাজতে লোকচানৰ হুমুনিয়াহ কাঢ়ি ঘৰমুৱা হ'ল ব্যৱসায়ী, মহোৎসৱৰ মূল কেণ্টিনৰ খাদ্য খাই অসুস্থ ছাত্ৰ ৷

http://10.10সামৰণি পৰিল শিৱসাগৰৰ শিৱৰাত্ৰী মহোৎসৱ
http://10.10সামৰণি পৰিল শিৱসাগৰৰ শিৱৰাত্ৰী মহোৎসৱ

শিৱসাগৰ, 23 ফেব্ৰুৱাৰীঃ আজি অন্ত পৰিল যোৱা ২০ ফেব্ৰুৱাৰীত ৰাজ্যৰ মহামান্য ৰাজ্যপালে উদ্বোধন কৰা শিৱসাগৰৰ শিৱদ'ল কেন্দ্ৰিক শিৱৰাত্ৰী মহোৎসৱৰ ৷ এক পৱিত্ৰ আধ্যাত্মিক পৰিৱেশৰ মাজত চাৰিটা দিনত প্ৰায় ১৫ লক্ষাধিক ভক্তই শিৱদ'লত প্ৰাপ্তিৰ কামনাৰে মহাদেৱৰ আশীষ ল'লে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকে ৷

আজি সামৰণি পৰিল চাৰি দিনীয়া কাৰ্যসূচীৰে আয়োজিত শিৱসাগৰৰ মহাশিৱৰাত্ৰী উৎসৱৰ

ৰাজ্যৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ১০০০ ব্যৱসায়ীয়ে এই মেলাৰ পৰা বিদায় ল'লে লোকচানৰ হুমুনিয়াহ কাঢ়ি ৷ দোকান আৱণ্টনৰ নামত দ'ল উন্নয়ণ সমিতিয়ে নিলামৰ জড়িয়তে উচ্চ হাৰত দোকান আৱণ্টিত কৰি প্ৰাৰম্ভিক দৰতকৈ পাঁচ গুণ অধিক দামত দোকান বিক্ৰী কৰাৰ বাবে এইদৰে লোকচান হোৱা বুলি মন্তব্য কৰিছে ক্ষোভিত ব্যৱসায়ীয়ে ৷

লোকচানৰ হুমুনিয়াহ কাঢ়ি ঘৰমুৱা ব্যৱসায়ী

পূজাৰ আধ্যাত্মিকতা, মেলাৰ আনন্দ, ব্যৱসায়ীৰ হুমুনিয়াহৰ মাজতে মহোৎসৱৰ মূল কেণ্টিনৰ খাদ্য খাই অসুস্থ হৈছে ছাত্ৰ ৷ এইদৰে লাখ লাখ ভক্তৰ ভক্তি, লোকচানৰ অংক,খাদ্যৰ নামত অখাদ্য আদি বিভিন্ন মিশ্ৰিত প্ৰতিক্ৰিয়াৰ মাজত আজি অন্ত পৰিল শিৱসাগৰৰ মহা শিৱৰাত্ৰী মহোৎসৱৰ ৷

মহোৎসৱৰ মূল কেণ্টিনৰ খাদ্য খাই অসুস্থ ছাত্ৰ

লগতে পঢ়কঃসামৰণি পৰিল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা হস্তশিল্প প্ৰৰ্দশনী মেলা

ABOUT THE AUTHOR

...view details