অসম

assam

কৰ’ণাৰ সমান্তৰালকৈ শিৱসাগৰত এনকেফেলাইটিছৰ ত্ৰাস

By

Published : Jul 24, 2021, 6:39 PM IST

প্ৰায় এটা দশক পাচত জাপানীজ এনকেফেলাইটিছ (Japanese Encephalitis) ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে শিৱসাগৰ জিলাত ৷ ক’ভিড-১৯ ৰ সংক্ৰমণ ৰোধৰ লগতে বাৰিষাৰ সময়ত জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধ চেষ্টা অব্যাহত ৰাখিছে শিৱসাগৰ স্বাস্থ্য বিভাগে ৷

japanese encephalitis terror
কৰ’ণাৰ সমান্তৰালকৈ শিৱসাগৰত এনকেফেলাইটিছৰ ন্ত্ৰাস

শিৱসাগৰ, 24 জুলাই :কাল কৰ’ণাৰ সমান্তৰালকৈ অসমত পুনৰ প্ৰাদুৰ্ভাৱ ঘটিছে জাপানীজ এনকেফেলাইটিছৰ (japanese encephalitis) ৷ অৱশ্যে এই ৰোগে এইপৰ্যন্ত ভয়ংকৰ ৰূপ ধাৰণ কৰা নাই যদিও, ৰাজ্যজুৰি ক্ৰমাৎ আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে । ৰাজ্যৰ স্বাস্থ্য বিভাগৰ তথ্য মতে বৰ্তমানলৈকে অসমত জাপানীজ এনকেফেলাইটিছ (japanese encephalitis), ডেংগু (Dengue) আৰু মেলেৰীয়া ৰোগৰ অৱস্থিতি কেইবাজনো ৰোগীৰ দেহত ধৰা পৰিছে ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ শিৱসাগৰ জিলাতো ক্ৰমাৎ বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ (japanese encephalitis) আৰু এনকেফেলাইটিছ সদৃশ ৰোগীৰ সংখ্যা । সাধাৰণতে বাৰিষাৰ সময়ত জিলাখনত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায় । চলিত দশকৰ আৰম্ভণিত জিলাখনত জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল ।

কৰ’ণাৰ সমান্তৰালকৈ শিৱসাগৰত এনকেফেলাইটিছৰ ন্ত্ৰাস

পৰৱৰ্তী সময়ত ২০১১-২০১২ চনত চৰকাৰৰ তৰফৰ পৰা ব্যাপক প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰাৰে পৰা জিলাখনত এই ৰোগৰ সংহাৰ কিছু স্তিমিত হৈছিল ।

চলিত বছৰৰ মাৰ্চ মাহৰ পৰা বৰ্তমানলৈকে এই ৰোগত ১৬ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে এগৰাকী মহিলাৰ মৃত্যু হৈছে । চলিত মাহত জাপানীজ এনকেফেলাইটিছ (japanese encephalitis)ত আক্ৰান্ত হৈছে সৰ্বাধিক লোক । বৰ্তমানে আক্ৰান্ত সকলৰ ভিতৰত ১০ গৰাকী জাপানীজ এনকেফেলাইটিছ আৰু ৬ গৰাকী এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগৰ পৰা জানিব পৰা গৈছে ।

জিলাখনৰ গেলেকী আৰু ডিমৌ স্বাস্থ্য খণ্ডত এই ৰোগৰ প্ৰভাৱ সৰ্বাধিক দেখা গৈছে । ক’ভিডৰ সংক্ৰমণৰ বাবে এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত কিছু সমস্যা দেখা দিছে যদিও বিভাগৰ তৰফৰ পৰা সজাগতা সভা, ধোঁৱা প্ৰদান, ঔষধযুক্ত আঁঠুৱাৰ ব্যৱহাৰ, ক্ষেত্ৰ ভিত্তিক পৰ্যৱেক্ষণ আদি প্ৰতিৰোধমূলক ব্যৱস্থা সমূহ গ্ৰহণ কৰি অহা হৈছে বুলি বিভাগীয় কৰ্তৃপক্ষই জানিব দিছে ।

লগতে পঢ়ক:মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ নাম সলনি

ABOUT THE AUTHOR

...view details