অসম

assam

By

Published : Apr 27, 2020, 12:01 PM IST

ETV Bharat / state

চৰকাৰলৈ নৰৈ নিজেই মথাউৰি নিৰ্মাণ কৰিলে নৈ পৰীয়া ৰাইজে

যোৱা পাঁচ বছৰে মথাউৰি নিৰ্মাণত গুৰুত্ব নিদিয়া সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে ক্ষোভ উজাৰি ৰূপহীমুখবাসীয়ে নিজেই নিৰ্মাণ কৰিছে মথাউৰি ৷ ইপিনে ২০১২ চনৰ পৰা জলসম্পদ বিভাগেও গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ আনি খহনীয়াৰ কবলত পৰা অঞ্চলবাসী এতিয়া শংকিত হৈ পৰিছে ।

Embankment Construction at amguri
চৰকাৰলৈ আশা বাদ দি নিজেই মথাউৰি নিৰ্মাণত লাগিল নৈ পৰীয়া ৰাইজ

আমগুৰি, 27 এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে এখন যুঁজ চলি থকাৰ সমান্তৰালভাৱে এতিয়া অন্য এখন যুঁজৰ বাবে সাজু হৈ উঠিছে ৰাজ্যবাসী ৷ সাজু ন'হবনো কিয় ! বাৰিষা সমাগত ৷ বাৰিষা অহাৰ লগে লগেই শংকিত হৈ পৰে নৈ পৰীয়া ৰাইজ ৷ কাৰণ বাৰিষাৰ বানে নৈ পৰীয়া ৰাইজৰ বুকু উদং কৰি উটুৱাই লৈ যায় সকলো ৷

চৰকাৰলৈ আশা বাদ দি নিজেই মথাউৰি নিৰ্মাণত লাগিল নৈ পৰীয়া ৰাইজ

নৈ পৰীয়া ৰূপহীমুখবাসীও এতিয়া ব্যস্ত বানৰ সৈতে যুঁজিবলৈ ৷ যোৱা পাঁচ বছৰে মথাউৰি নিৰ্মাণত গুৰুত্ব নিদিয়াত সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে ক্ষোভ উজাৰি ৰূপহীমুখবাসীয়ে নিজেই নিৰ্মাণ কৰিছে মথাউৰি ৷ ইপিনে ২০১২ চনৰ পৰা জলসম্পদ বিভাগেও গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ আনি খহনীয়াৰ কৱলত পৰা অঞ্চলবাসী এতিয়া শংকিত হৈ পৰিছে । এফালে যদি কৰ'ণা মহামাৰীৰ বাবে নিজকে গৃহবন্দী কৰি ৰাখিব লগা হৈছে আৰু আনফালে আগন্তুক বাৰিষাৰ বানৰ ভয়ত সামাজিক দুৰত্ব বৰ্তাই ৰাখি নিজৰ ভেটিটো বচাবৰ বাবে চৰকাৰলৈ বাট নাচায় মেৰামতি কৰিবলৈ নিজেই ওলাই আহিল ৰূপহীমুখৰ ৰাইজ ।

উল্লেখযোগ্য যে ২০১২ চনৰ পৰাই ধাৰাবাহিকভাৱে বান আৰু খহনীয়াৰ কৱলত পৰা অঞ্চলটো ৰিং বান্ধ নিৰ্মাণত জলসম্পদ বিভাগ তথা জনপ্ৰতিনিধিৰ পালমৰা মনোভাৱে এতিয়া ক্ষোভিত কৰি তুলিছে ৰূপহীমুখবাসীক। এইক্ষেত্ৰত ৰজাঘৰৰ দৃষ্টিগোচৰ হ'বনে সেয়া সময়তহে লক্ষণীয় হ'ব।

লগতে পঢ়কঃ গাহৰিৰ অচিন ৰোগে নিদ্ৰা কাঢ়িছে চৰকাৰৰঃ মন্ত্ৰী অতুল বৰা

ABOUT THE AUTHOR

...view details