আমগুৰি, ২২ আগষ্টঃ আমগুৰি চাহ বাগিচাত শ্মশানস্থলী নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ নিৰ্মাণকাৰ্যত অতি নিম্নমানৰ ইটা ব্যৱহাৰ কৰি দেৱাল নিৰ্মাণৰ অভিযোগ কৰিছে স্থানীয়ই ৷ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই উদ্বোধন কৰা আৰু বিধায়ক পূঁজিৰে নিৰ্মাণ কৰা সীমাৰ দেৱাল সঠিকভাৱে নিৰ্মাণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷
শ্মশানস্থলীৰ দেৱাল নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ - আমগুৰি সমষ্টি
আমগুৰিত দহ লক্ষাধিক টকা ব্যয়েৰে নিৰ্মিত শ্মশানস্থলীৰ সীমাৰ দেৱালত ব্যৱহৃত ইটা হাতেৰে চুলেই ভাঙি যোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷
শ্মশানস্থলীৰ বাউণ্ডেৰী ৱাল নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ
উল্লেখযোগ্য যে, দহ লক্ষাধিক টকা ব্যয়েৰে নিৰ্মিত শ্মশানস্থলীৰ দেৱালত ব্যৱহৃত ইটা হাতেৰে চুলেই ভাঙি যায় বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । ঠিকাদাৰে অত্যধিক মুনাফা লাভৰ কাৰণে অনিয়মৰ আশ্ৰয় লোৱা বুলি অভিযোগ উঠিছে ৷ অতি শীঘ্ৰে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণ কৰিৱলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷
লগতে পঢ়কঃ মহামাৰীৰ মাজতো অনুষ্ঠিত হ'ব নিৰ্বাচন, কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ নতুন নিৰ্দেশাৱলী জাৰী