শিৱসাগৰ,22 জুলাই : ৰাজ্যৰ শক্তিমন্ত্ৰী বিমল বৰা (Bimal Bora)ৰ নেতৃত্বত পাওনা বিদ্যুৎ বিল (Electricity Bill) লাভৰ বাবে বিদ্যুৎ বিভাগ (Electricity Department)য়ে ব্যাপক তৎপৰতা প্ৰদৰ্শন কৰিছে । ইতিমধ্যে সমগ্ৰ ৰাজ্যত সময় অনুসৰি বিদ্যুৎ বিল প্ৰদান নকৰাসকলৰ বিদ্যুৎ কৰ্তনৰ ব্যাপক অভিযান আৰম্ভ কৰিছে বিভাগে । লাখ লাখ লোকৰ ঘৰৰ বিদ্যুৎ কৰ্তন কৰিছে বিভাগটোৱে । চৰকাৰী কৰ্মচাৰীক দৰমহাৰ বাবে মাহেকীয়া বিদ্যুৎ পৰিশোধৰ বিল গাঁঠি দিয়াৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ।
ইয়াৰ বিপৰীতে নাই নিয়মীয়া বিদ্যুৎ যোগানৰ ব্যৱস্থা । বিদ্যুতৰ লুকা-ভাকুৱে এতিয়া অতিষ্ঠ কৰিছে সাধাৰণ জনতাক ৷ ৰাজ্যৰ এনে তৎপৰতাৰ লগতে শিৱসাগৰ জিলাতো বিদ্যুৎ বিল পৰিশোধ নকৰাসকলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে শিৱসাগৰ জিলা শক্তি বিভাগে । বিভাগে বিল পৰিশোধত ইমান বেছি তৎপৰ হৈ পৰিছে যে সম্পৰ্কীয়ৰ অন্তেষ্টিক্ৰিয়া কৰি ঘৰলৈ ঘূৰি আহি নাপাওঁতে বিদ্যুৎ বিভাগৰ কৰ্তন দলে বিছিন্ন কৰিছে বিদ্যুৎ সংযোগ ।
আনহাতে বিভাগৰ বিদ্যুৎ খৰচৰ হিচাপ ভুলৰ বাবে নিয়মীয়া বিদ্যুৎ মাচুলতকৈ হাজাৰ গুণ বেছি বিল অহা লোকসকলৰ মাজত বিভাগৰ বিদ্যুৎ কৰ্তনক লৈ সৃষ্টি হৈছে এক হাহাকাৰ পৰিস্থিতিৰ ।
বিশেষ অসুবিধাৰ বাবে 3-4 হাজাৰ টকাৰ বিল সময়ত দিব নোৱাৰাসকলৰ সংযোগ কৰ্তন কৰিছে বিভাগে । এনে ব্যৱস্থাৰ পাচতো কিন্তু বিদ্যুতৰ নিয়মীয়া যোগান ধৰা হোৱা নাই । সঘনাই বিদ্যুৎ সংযোগ কৰ্তন কৰিছে বিদ্যুৎ বিভাগে । ৰাইজৰ পৰা পাওনাক লৈ তৎপৰ হোৱা এই বিভাগটোৱে কিন্তু চৰকাৰী বিভাগসমূহৰ পাওনাক লৈ তৎপৰ নোহোৱা পৰিলক্ষিত হৈছে । শিৱসাগৰ বিদ্যুৎ বিভাগে প্ৰদান কৰা এক তথ্য অনুসৰি, বিগত বছৰৰ জুলাই মাহতেই শিৱসাগৰ জিলাৰ চৰকাৰী বিভাগৰ বিদ্যুৎ বিলৰ নামত শেষ জাননী আহিছিল । তেতিয়াৰ পৰা আজি পৰ্যন্ত পৰিশোধ নাই চৰকাৰী বিভাগৰ বিদ্যুতৰ বিলৰ ধন ।