আমগুৰি, ১ ফেব্ৰুৱাৰী: পুনৰ প্ৰতিবাদত বহিল সদৌ অসম ছাত্ৰ সন্থা ৷ সোমবাৰে ৰাজ্যজুৰি আছুৱে দাহ কৰিলে ৰাজ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি ৷
দেওবাৰে শুৱালকুছিত নাগৰিকত্ব (সংশোধনী) আইন-2019 ৰ বিৰুদ্ধে আছুকর্মীয়ে সাব্যস্ত কৰিছিল প্ৰতিবাদ ৷ সেই প্ৰতিবাদস্থলীতেই অসম আৰক্ষীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল প্ৰতিবাদকাৰীসকলক ৷ দেওবাৰৰ সেই ঘটনাৰ পাছতেই গৰজি উঠিছে সদৌ অসম ছাত্ৰ সন্থা ৷