আমগুৰি, 4 ডিচেম্বৰঃ মূল্যবান সাঁচি গছৰ খেতিৰে অৰ্থনৈতিক বিপ্লৱৰ সূচনা হৈছে উজনি অসমৰ শিৱসাগৰ জিলাৰ বৃহত্তৰ নামতি, চামগুৰি, লালিম ছিগা, দিকছু আদি অঞ্চলত ৷ অঞ্চলসমূহত সাঁচি খেতি তথা ব্যৱসায়ে বৰ্তমান অৰ্থনৈতিক ভেটি টনকিয়াল কৰাৰ লগতে বহুতো শিক্ষিত যুৱকক দেখুৱাইছে কৰ্মসংস্থাপনৰ বাট ৷ তাৎপৰ্যপূৰ্ণ ভাৱে অঞ্চলসমূহৰ প্ৰায় 95 শতাংশ লোকে বৰ্তমান জড়িত হৈ পৰিছে সাঁচি খেতি আৰু ব্যৱসায়ৰ লগত ৷ এই বৃহত্তৰ অঞ্চলটোত আটাইতকৈ মন কৰিবলগীয়া কথা হ'ল ইয়াত এগৰাকী কন্যা সন্তান জন্ম হ'লে ৰোপন কৰা হয় এজোপাকৈ সাঁচি গছ যাতে এই সাঁচি গছ জোপা বিক্ৰী কৰি কন্যা গৰাকীৰ বিবাহৰ খৰচ যোগাৰ কৰিব পৰা যায় ৷
সাঁচি গছৰ এই লাভজনক ব্যৱসায়ৰ সৈতে বৰ্তমান জড়িত হৈ পৰিছে অঞ্চলটোৰ শিক্ষিত নৱপ্ৰজন্ম ৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে ব্যৱসায়টোত সম্পূৰ্ণ বৈধতা দিয়াৰ বাবে আলোচনা কৰি থকাৰ ফলত এতিয়া স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে অঞ্চলটোৰ ব্যৱসায়ীসকল ৷