অসম

assam

ETV Bharat / state

কুশলে আছে ৰংঘৰ-কাৰেংঘৰ

প্ৰৱল ভূমিকম্পই হানি কৰিব নোৱাৰিলে অসমৰ ঐতিহাসিক সমল ৰংঘৰ-কাৰেংঘৰ ৷ আহোম ৰাজত্বকালত নিৰ্মাণ কৰা প্ৰায় ২০০-৩০০ বছৰীয়া এই সমূহ প্ৰাচীন কীৰ্তিচিহ্ন কেৱল অসমৰে নহয় ভাৰতৰ এক অমূল্য সম্পদ । ইমান বেছি প্ৰাৱল্যৰ এনে ভূমিকম্পৰ পাছত এই সমূহ সম্পদৰ প্ৰতি চিন্তা অহাটো স্বাভাৱিক কথা ।

কুশলে আছে ৰংঘৰ-কাৰেংঘৰ
কুশলে আছে ৰংঘৰ-কাৰেংঘৰ

By

Published : Apr 28, 2021, 10:10 PM IST

শিৱসাগৰ,28 এপ্ৰিলঃবুধবাৰে পুৱা অসমৰ লগতে দাঁতি কাষৰীয়া ৰাজ্য কঁপাই যোৱা ৬.৭ প্ৰাৱল্যৰ ভূমিকম্পৰ ফলত গুৱাহাটীকে ধৰি নামনি আৰু মধ্য অসমত বিস্তৰ ক্ষতি সাধন কৰিছে । এনে প্ৰৱল ভূমিকম্পৰ পাছতে ৰাইজৰ মনত এটা প্ৰশ্ন উঠিছে, কেনে আছে শিৱসাগৰৰ ৰ‌ংঘৰ, তলাতল ঘৰ, কাৰেংঘৰ, শিৱ দ'ল আদি ঐতিহাসিক সমল সমূহ ৷ আহোম ৰাজত্বকালত নিৰ্মাণ কৰা প্ৰায় ২০০-৩০০ বছৰীয়া এই সমূহ প্ৰাচীন কীৰ্তিচিহ্ন কেৱল অসমৰে নহয় ভাৰতৰ এক অমূল্য সম্পদ। ইমান বেছি প্ৰাৱল্যৰ এনে ভূমিকম্পৰ পাছত এই সমূহ সম্পদৰ প্ৰতি চিন্তা অহাটো স্বাভাৱিক কথা। ইতিমধ্যে ১৮৯৭ চনৰ প্ৰৱল ভূমিকম্পত শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ মূধচ খহি পৰিছিল । সেইদৰে ১৯৫০ চনৰ ভূমিকম্পই এনে বহু প্ৰাচীন কীৰ্তিচিহ্নৰ ক্ষয়ক্ষতি কৰিছিল । কিন্তু তুলনামূলক ভাৱে ডাঙৰ আজিৰ ভূমিকম্পই এই সমূহ সম্পদৰ কোনো হানি কৰিব নোৱাৰিলে ।

কুশলে আছে ৰংঘৰ-কাৰেংঘৰ

উল্লেখযোগ্য যে, বৰ্তমান সময়ত নতুন প্ৰযুক্তিৰে নিৰ্মিত বহু আধুনিক ভৱন আজিৰ ভূমিকম্পৰ আগত হাৰ মানিলে সেই সময়ত ৰংঘৰ-শিৱ দ'লৰ দৰে শতিকা পুৰণি নিৰ্মাণে আজিৰ ভূমিকম্পৰ আগত সগৌৰৱে মূৰ দাঙি থিয় দি থাকিল । কেন্দ্ৰীয় পূৰাত্বত্ত বিভাগে এই সকলো প্ৰাচীন কীৰ্তিচিহ্ন পৰ্যৱেক্ষণ কৰি সুকলমে আছে বুলি জানিব দিয়ে ।

আনহাতে এই সমূহ শতিকা পুৰণি সম্পদৰ অধিক সংৰক্ষণ আৰু স‌বৰ্ধনৰ প্ৰয়োজনীয়তা আহি পৰিছে । ইতিমধ্যে প্ৰায় ২০০-৩০০ বছৰ অতিক্ৰম কৰা এই সমূহ সমলৰ ভেটি দুৰ্বল হৈ আহিছে । অতীতৰ বৃহৎ প্ৰাকৃতিক দুৰ্যোগ সমূহে এই সমূহৰ বিভিন্ন প্ৰকাৰৰ ক্ষতি কৰি আহিছে যদিও এতিয়াও সৱলতাৰে থিয় দি থকা এই সমূহ প্ৰাচীন কীৰ্তিচিহ্নৰ প্ৰতি সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু চৰকাৰ অধিক মনোযোগী হোৱা উচিত । কিয়নো এই সমূহ কেৱল এক পুৰণি ভৱন অথবা নিৰ্মাণ নহয় । এই সমূহ আমাৰ সাংস্কৃতিক উত্তৰণৰ আধাৰ ।

লগতে পঢ়কঃ ডিব্ৰুগড়ত ভয়ংকৰ অগ্নিকাণ্ড:জুইত জাহ লক্ষাধিক টকাৰ সা-সম্পত্তি

ABOUT THE AUTHOR

...view details