নাজিৰা,৭ জানুৱাৰীঃ দীৰ্ঘদিন ধৰি নাজিৰাৰ দিখৌ নদীৰ দুয়োপাৰে জমা হৈ থকা আৱৰ্জনা নিষ্কাশন কৰিবলৈ আগবাঢ়ি আহিল অ’ এন জি চি ৷ নাজিৰা মহকুমা প্ৰশাসনৰ অনুৰোধ মৰ্মে মঙলবাৰে অ’ এন জি চি ক নৈগমিক সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত এই জাৱৰ নিষ্কাশনৰ দায়িত্ব প্ৰদান কৰা হয় ৷ বহুবছৰ ধৰি দিখৌ নদীৰ দুয়োপাৰে নাজিৰা আৰু শিমলুগুৰি পৌৰসভাই নগৰখনৰ জাৱৰ-জোঁথৰ পেলাই পৰিৱেশ বিনষ্ট কৰি আহিছিল ৷ এই সম্পৰ্কে সংবাদমাধ্যমত পূৰ্বে বাতৰি প্ৰচাৰিত হৈছিল ৷ স্থানীয় ৰাইজ তথা বহুকেইটা জাতীয় সংগঠনে এই জাৱৰসমূহ পথৰ দাঁতিত নেপেলাবলৈ অনুৰোধ কৰিছিল পৌৰসভাক ৷
দিখৌ নৈৰ জাৱৰ নিষ্কাশনৰ দায়িত্ব তেল আৰু প্ৰাকৃতিক গেছ নিগমক - দিখৌ নদী
নাজিৰা মহকুমা প্ৰশাসনৰ অনুৰোধ মৰ্মে মঙলবাৰে অ’ এন জি চি ক সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত দিখৌৰ পাৰৰ জাৱৰ নিষ্কাশনৰ দায়িত্ব প্ৰদান কৰা হয় ৷ বহুবছৰ ধৰি দিখৌ নদীৰ দুয়োপাৰে নাজিৰা আৰু শিমলুগুৰি পৌৰসভাই নগৰখনৰ জাৱৰ-জোঁথৰ পেলাই পৰিৱেশ বিনষ্ট কৰি আহিছিল ৷
নৈগমিক সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত এই নিষ্কাশন
ইয়াৰোপৰি শিমলুগুৰিৰ শ্মশানঘাটত পৌৰসভাই নগৰৰ গেলা-পচা সামগ্ৰী পেলাই বিনষ্ট কৰি আহিছিল পৰিৱেশ ৷ অৱশেষত নাজিৰা মহকুমাৰ মহকুমাধিপতিৰ অনুৰোধত এই জাৱৰসমূহ নিষ্কাশনৰ দ্বায়িত্ব লৈছে অ’ এন জি চিএ ৷ শিমলুগুৰি শ্মশানঘাট আৰু নাজিৰা নগৰৰ প্ৰৱেশদ্বাৰৰ জাৱৰ নিষ্কাশন কৰি জৈৱিক সাৰ প্ৰস্তুত কৰিব কোম্পানীটোৱে ৷
লগতে চাওকঃ বাৰাণসী ৰে’ল ষ্টেচনত নিষিদ্ধ একক ব্যৱহৃত প্লাষ্টিক