অসম

assam

ETV Bharat / state

Durga Puja at historic Devi Doul: বলি-বিধানেৰে শিৱসাগৰৰ দেৱী-দৌলত মহাঅষ্টমী পূজা - আহোম স্বৰ্গদেউ শিৱ সিংহ

মহা অষ্টমী উপলক্ষে শিৱসাগৰৰ ঐতিহাসিক দেৱী দৌলত ভক্তৰ ভিৰ ৷ পৰম্পৰা অনুসৰি ছাগলী-হাঁহ আদি দেৱীৰ আগত বলি দিয়া হ’ব ৷ দৌল কৰ্তৃপক্ষই প্ৰতিটো হাঁহৰ বাবদ 50 টকা আৰু ছাগলীৰ বাবদ 100 টকাকৈ অৰিহণা ধাৰ্য কৰিছে ।

Durga Puja observed at historic Devi Doul of  Sivasagar
বিধানেৰে দেৱী দৌলত পালিত হৈছে মহা অষ্টমী

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 2:19 PM IST

Updated : Oct 22, 2023, 2:29 PM IST

বলি-বিধানেৰে দেৱী দৌলত পালিত হৈছে মহা অষ্টমী

শিৱসাগৰ, 22 অক্টোবৰ: আজি মহা অষ্টমী । মা দুৰ্গা পূজনৰ তুংগৰ সময় । দেৱী দুৰ্গাৰ প্ৰতি শ্ৰদ্ধা-ভক্তি-বিশ্বাসেৰে আজিৰ দিনটোত ৰাইজে দেৱীৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰে । আজিৰ দিনটোত ৰাজ্যৰ প্ৰতিখন পূজাথলীতে দেখিবলৈ পোৱা গৈছে পূজাথলিত ভক্তপ্ৰাণ ৰাইজৰ ভিৰ ।

শিৱসাগৰৰ ঐতিহাসিক দেৱী দৌল ইয়াৰ ব্যতিক্ৰম নহয় । আহোম স্বৰ্গদেউ শিৱ সিংহৰ দিনত বৰ ৰজা অম্বিকাই আজিৰ পৰা 290 বছৰ পূৰ্বে নিৰ্মাণ কৰাইছিল তিনিটাকৈ দৌল । লগতে, খন্দোৱাইছিল এটা সাগৰসম পুখুৰী । প্ৰতিষ্ঠাৰ পাছৰে পৰা প্ৰায় তিনিশ বছৰ ধৰি শিৱসাগৰৰ ঐতিহাসিক শিৱ দৌল পৰিগণিত হৈ আহিছে বিশ্বাস-ভক্তিৰ প্ৰতীক স্বৰূপে ।

আন বছৰবোৰৰ দৰে এইবাৰো মহা অষ্টমীৰ দিনা শিৱসাগৰৰ দেৱী দৌলত বৰ বলিৰ দিনা দেখা গ'ল ভক্তৰ ব্যাপক ভিৰ । সকলোৱে নিজ নিজ আশা-আকাঙ্খা পূৰণৰ বাবে দেৱীৰ চৰণলৈ আহিছে । লগত আনিছে নৈবেদ্য । নিজ নিজ মনোবাঞ্চা পূৰণৰ বাবে ছাগলী-হাঁহ আদি দেৱীৰ আগত বলিৰ বাবে আনিছে ।

দেৱী দ'লৰ মূল গৰ্ভগৃহত প্ৰথম বলি আগ কৰি দৌল চৌহদত থক স্থায়ী বলিশালত ৰাইজৰ আস্থা-বিশ্বাস বলিৰ মাধ্যমৰে দেৱীলৈ উৎসৰ্গা কৰা হয় । দৌল কৰ্তৃপক্ষই প্ৰতিটো হাঁহৰ বাবদ 50 টকা আৰু ছাগলীৰ বাবদ 100 টকাকৈ অৰিহণা লৈছে ।

সন্ধিয়ালৈ ঐতিহাসিক দেৱী দৌলত পালন কৰা হ'ব সম্প্ৰীতিৰ নিৰ্দশন দাঙি ধৰিব পৰা এক বিশেষ পৰম্পৰা । এসময়ত দৌলত ঢাক বজোৱা মুছলমান সম্প্ৰদায়ৰ দৌল্লা পৰিয়াল আৰু কণচেং বৰপাত্ৰ গোঁহাই পৰিয়াললৈ দেৱী দৌল কৰ্তৃপক্ষই প্ৰদান কৰিব মহা অষ্টমী পূজাৰ ভোগ ।

লগতে পঢ়ক:Oil spills in Duliajan : দুলীয়াজানত তেলখাদৰ বিস্ফোৰণস্থলীত তৃতীয় দিনাও ভয়ংকৰভাৱে নিৰ্গমণ হৈ আছে প্ৰাকৃতিক গেছ

Last Updated : Oct 22, 2023, 2:29 PM IST

ABOUT THE AUTHOR

...view details