অসম

assam

ETV Bharat / state

শিৱসাগৰৰ দেৱী দৌলত পৰম্পৰাগতভাৱে দুৰ্গা পূজাৰ আয়োজন - দৌলা পৰিয়াল

ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে দেৱী দুৰ্গাৰ পূজা-অৰ্চনা । শিৱসাগৰৰ ঐতিহাসিক দেৱী দৌল কৰ্তৃপক্ষইও প্ৰতিবছৰৰ দৰে আয়োজন কৰিছে দুৰ্গা পূজা । পৰম্পৰা অনুসৰি বিভিন্ন নীতি-নিয়মৰ মাজেৰে দেৱী দৌলত আয়োজন কৰা হৈছে পূজাৰ ।

Devi dol
শিৱসাগৰৰ দেৱী দৌলত পৰম্পৰাগতভাৱে দুৰ্গা পূজাৰ আয়োজন

By

Published : Oct 12, 2021, 8:37 PM IST

শিৱসাগৰ,১২ অক্টোবৰ :শৰৎ মানেই যেন পূজাৰ বতৰ । কিন্তু আন বছৰৰ দৰে এইবাৰ শাৰদীয় বতৰত নাই হিমচেঁচা শীতৰ পৰিৱেশ । উৎকট গৰমে দহিছে ৰাজ্যবাসীক । তাৰ মাজতে মঙলবাৰে চলিছে মহা সপ্তমীৰ পূজা-অৰ্চনা ।

শিৱসাগৰৰ দেৱী দৌলত পৰম্পৰাগতভাৱে দুৰ্গা পূজাৰ আয়োজন

শিৱসাগৰৰ দেৱী দৌলত ক'ভিড প্ৰট'কলৰ (Covid Protocol) মাজতে উদযাপন কৰা হৈছে শাৰদীয় দুৰ্গা পূজা । ২৭৮ বছৰ গৰকা শিৱসাগৰৰ ঐতিহাসিক দেৱী দৌলত প্ৰতিবছৰে অগণন ভক্তৰ আগমন ঘটে । কিন্তু এইবাৰ ভক্তৰ সমাগম পূর্বৰ তুলনাত যথেষ্ট কম ।

বুধবাৰে দৌলত মহা অষ্টমীৰ দিনা পৰম্পৰাগতভাৱে চলি অহা বৰবলী পূজাৰ আয়োজন কৰা হ'ব । দিনৰ ১১ বাজি ৪৮ মিনিটৰ পৰা এই পূজা আৰম্ভ হ'ব বুলি দৌল কৰ্তৃপক্ষই জনাইছে । লগতে সমন্বয়, একতা আৰু ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰা ঐতিহাসিক দেৱী দৌলৰ দুর্গা পূজাত আহোম ৰজাৰ দিনৰে পৰা চলি অহা এক পৰম্পৰা অনুসৰি ধাই আলিৰ মুছলমান দৌলা পৰিয়ালক বৰবলীৰ প্ৰসাদ বিতৰণ কৰা হ'ব ।

উল্লেখ্য যে, ৰজাৰ দিনত মন্দিৰত ঢাক বজাইছিল দৌলা পৰিয়ালে । সেয়ে এতিয়াও দৌলা পৰিয়ালক দৌল কৰ্তৃপক্ষই ফল-মূলৰ নৈবেদ্যৰ এখন শৰাই আগবঢ়াই আহিছে । ইফালে মঙলবাৰে সৰুবলীৰ দিনা মা দুর্গাৰ আশীষ ল'বলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ভক্ত সকল আহে বুলিও আয়োজক সমিতিয়ে জানিবলৈ দিয়ে । ইয়াৰোপৰি পৰম্পৰা অনুসৰি বিসৰ্জনৰ সময়তো প্ৰথমে দেৱী দৌলৰ পূজাৰ প্ৰতিমা বিসৰ্জনৰ পাছতহে শিৱসাগৰ নগৰৰ বাকীবোৰ পূজা কমিটিয়ে দেৱীক বিসৰ্জন দিব বুলি দৌল কৰ্তৃপক্ষই জনায় ।

লগতে পঢ়ক :লুইতৰ বুকুত পুনৰ ফেৰীৰ অঘটন

ABOUT THE AUTHOR

...view details