অসম

assam

শিৱসাগৰত ক'ভিড-19 প্ৰতিষেধক প্ৰদানৰ ড্ৰাই ৰান সম্পন্ন

By

Published : Jan 8, 2021, 4:25 PM IST

Updated : Jan 8, 2021, 4:59 PM IST

শিৱসাগৰত চলি থকা ক'ভিড-19 প্ৰতিষেধক প্ৰদানৰ ড্ৰাই ৰান সম্পন্ন ৷ শিৱসাগৰ জিলাৰ মুঠ চাৰিখন স্বাস্থ্য সেৱা প্ৰতিষ্ঠানত সম্পন্ন হয় এই কাৰ্যসূচী ৷ মূলতঃ স্বাস্থ্য সেৱাৰ সৈতে জড়িত ব্যক্তি সকলক হিতাধিকাৰী হিছাপে লৈ ড্ৰাই ৰান কাৰ্যসূচী সম্পন্ন কৰা হয় ৷

dry run for covid 19 vaccine completed in sivsagar
dry run for covid 19 vaccine completed in sivsagar

শিৱসাগৰ, 8 জানুৱাৰী:সমগ্ৰ ভাৰতবৰ্ষৰ লগতে শিৱসাগৰত চলি থকা ক'ভিড-19 প্ৰতিষেধক প্ৰদানৰ ড্ৰাই ৰান অনুশীলন কাৰ্যসূচী শুকুৰবাৰে সফলভাৱে সম্পন্ন হয় ৷ সমগ্ৰ ভাৰতত চলি থকা এই অনুশীলন কাৰ্যসূচীৰ অংশ হিছাপে শিৱসাগৰ জিলাৰ মুঠ চাৰিখন স্বাস্থ্য সেৱা প্ৰতিষ্ঠান ক্ৰমে শিৱসাগৰ অসামৰিক চিকিৎসালয়, উড নগৰীয়া চিকিৎসালয়, স্বৰ্গদেউ চুকাফা মাল্টি-স্পেচিয়েলিটি চিকিৎসালয় আৰু খেলুৱা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এই কাৰ্যসূচী সম্পন্ন কৰা হয় ৷

25 গৰাকীকৈ পঞ্জীয়নভুক্ত হিতাধিকাৰীক লৈ অনুশীলন কাৰ্যসূচী সম্পন্ন

জিলা প্ৰতিষেধক বিষয়া ডাঃ অৰুন্ধতী বৰা হাজৰিকাই কয় যে প্ৰতিটো স্বাস্থ্য সেৱা প্ৰতিষ্ঠানত 25 গৰাকীকৈ পঞ্জীয়নভুক্ত হিতাধিকাৰীক লৈ পুৱা 9 বজাৰ পৰা 11 বজালৈ এই অনুশীলন কাৰ্যসূচী সম্পন্ন কৰা হয় ৷ আৰু ড্ৰাই ৰান কাৰ্যসূচী সম্পন্ন হোৱাৰ পাছতে চৰকাৰী এপত সন্নিৱিষ্ট কৰিব লগীয়া তথ্য সমূহ আপলোড কৰা হয় ৷

জানিব পৰা মতে মূলতঃ স্বাস্থ্য সেৱাৰ সৈতে জড়িত চিকিৎসক, নাৰ্চ, লেব টেকনিচিয়ান, আশাকৰ্মী, অংগনবাড়ী কৰ্মী সকলে উক্ত ড্ৰাই ৰানত হিতাধিকাৰী হিছাপে অংশগ্ৰহণ কৰে ৷ এই কাৰ্যসূচীৰ সৈতে জড়িত বিষয়ববীয়া সকলে জানিবলৈ দিয়ে যে অনুশীলনৰ অংশ হিছাপে ক'ভিড-19 প্ৰতিষেধক পৰিবহণ তথা প্ৰতিষেধক প্ৰদানৰ পাছত CoWIN পৰ্টেলত তথ্য আপলোড কৰা আদি সকলো প্ৰক্ৰিয়াৰ পূৰ্ণকালীন অনুশীলন কৰা হয় ৷

লগতে পঢ়ক:মাওবাদীৰে জড়িত থকাৰ বাবেহে কাৰাবন্দী হৈছে অখিল : হিমন্ত বিশ্ব শৰ্মা

Last Updated : Jan 8, 2021, 4:59 PM IST

ABOUT THE AUTHOR

...view details