শিৱসাগৰ,8 অক্টোবৰ :শিৱসাগৰৰ সোণাৰিত বৃহস্পতিবাৰে আৰক্ষীয়ে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ ৷ এই ড্ৰাগছ কঢ়িয়াই অনা অৱস্থাত আৰক্ষীৰ হাতত আটক হয় এজন যুৱকসহ দুই মহিলা ৷ শিৱসাগৰ চহৰৰ সমীপৰ সোণাৰিত ড্ৰাগছখিনি কঢ়িয়াই সন্দেহজনকভাৱে ঘূৰি ফুৰোতেই আৰক্ষীয়ে আটক কৰে এই তিনিগৰাকী ড্ৰাগছ ব্যৱসায়ীক । সোণাৰি আৰু ডিব্ৰুগড় আৰক্ষীৰ বিশেষ খবৰৰ ভিত্তিত চৰাইদেউ আৰু ডিব্ৰুগড় আৰক্ষীয়ে যৌথ অভিযান চলাই জব্দ কৰে ছানফ্লাৱাৰ নামৰ ড্ৰাগছবিধ । আটকাধীন ড্ৰাগছ ব্যৱসায়ী কেইজন ক্ৰমে জুলি ৰয়, ৰীতা দেৱী আৰু ৰফিকুৰ ৰহমান বুলি জানিব পৰা গৈছে ।
শিৱসাগৰত আৰক্ষীৰ অভিযানত উদ্ধাৰ ড্ৰাগছ - ছানফ্লাৱাৰ
সোণাৰিত উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ ৷ চৰাইদেউ আৰু ডিব্ৰুগড় আৰক্ষীয়ে যৌথ অভিযান চলাই জব্দ কৰে ছানফ্লাৱাৰ নামৰ ড্ৰাগছবিধৰ লগতে আটক কৰে তিনি ড্ৰাগছ ব্যৱসায়ী ।
নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ