শিৱসাগৰ,22 মাৰ্চ :ৰাজ্যজুৰি অব্যাহত আছে মৰেল পুলিচিঙৰ ঘটনা ৷ এইবাৰ শিৱসাগৰৰ অসম-নাগালেণ্ড সীমান্তৰ হালোৱাটিঙত স্থানীয় ৰাইজে এজন নিচাসক্ত যুৱকক কৰায়ত্ত কৰি উত্তম-মধ্যম সোধাই গতাই দিয়ে হালোৱাটিং আৰক্ষীক ৷
শিৱসাগৰত কিয় এজন যুৱকৰ ওপৰত জঁপিয়াই পৰিল এজাক মানুহ? - শিৱসাগৰ
ৰাজ্যজুৰি অব্যাহত আছে মৰেল পুলিচিঙৰ ঘটনা ৷ এইবাৰ শিৱসাগৰৰ অসম-নগালেণ্ড সীমান্তৰ হালোৱাটিঙত স্থানীয় ৰাইজে এজন নিচাসক্ত যুৱকক কৰায়ত্ত কৰি উত্তম মধ্যম সোধাই গতাই দিয়ে হালোৱাটিং আৰক্ষীক ৷
হালোৱাটিঙত নিচাসক্ত যুৱকক অমানুষিক অত্যাচাৰ স্থানীয় ৰাইজৰ
হালোৱাটিং হনুমান মন্দিৰৰ সমীপত উদ্ধাৰ হোৱা যুৱকজন চেলেংহাটৰ পদুমণি ৰহঢলাৰ বুলি জানিব পৰা গৈছে ৷ 6/7 বছৰ ধৰি ড্ৰাগছ সেৱন কৰি অহা বুলি প্ৰকাশ কৰাৰ লগতে হালোৱাটিঙৰ অম্বেশ্বৰ নামৰ ড্ৰাগছ বেপাৰীৰ পৰা ক্ৰয় কৰা বুলি প্ৰকাশ কৰিছে যুৱকজনে ৷ যুৱকজনৰ জেপৰপৰা স্থানীয় লোকে আঠটাকৈ নিচাযুক্ত টেবলেট উদ্ধাৰ কৰে ।