শিৱসাগৰ, 2 ছেপ্টেম্বৰ :শেহতীয়াকৈ, ৰাইজৰ দলৰ কৰ্মী তথা শিৱসাগৰ সদৰ থানাৰ অন্তৰ্গত বনীয়াবাৰীৰ নিৱাসী আব্দুল গণি নিহত হৈছিল এক সন্দেহজনক দুৰ্ঘটনাত ৷ সুদীৰ্ঘ তিনিটা দিনৰ অন্তত শিৱসাগৰ আৰক্ষীয়ে নেৰানেপেৰা অভিযান চলাই এই দূৰ্ঘটনাটোত জড়িত বাহনখন চিনাক্ত কৰি বাঢ়ৈটিং অঞ্চলৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় ৷ বাঢ়ৈ টিঙৰ সুৰজিত শইকীয়া নামৰ যুৱক জনৰ নিজ বাসগৃহত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা চুইফট গাড়ী খনৰ নম্বৰ হৈছে ASO4 Q 9155 নম্বৰৰ ৷
আৰক্ষীয়ে ঘাতক বাহন খনৰ লগতে সেইদিনা বাহনখন চলাই দুৰ্ঘটনা সংঘটিত কৰা চালক তথা বাহন খনৰ গৰাকী সুৰজিত শইকীয়াকো ঘটনাৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰাৰ কথা জনাইছে ৷ ইফালে বৃহস্পতিবাৰে এই সন্দৰ্ভত শিৱসাগৰ সদৰ আৰক্ষী থানাত আয়োজিত এখনি সংবাদ মেলত ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে, সোমবাৰৰ নিশা শিৱসাগৰ নগৰৰ দিশৰ পৰা গৈ থকা অৱস্থাত জয়ৰাপাৰৰ উক্ত স্থানটোত দুৰ্ঘটনাতো সংঘটিত কৰাৰ কথা সুৰজিতে স্বীকাৰ কৰিছে ৷
আকস্মিকভাৱে হোৱা দুৰ্ঘটনাটোৰ পিছতেই সুৰজিত শইকীয়াই গাড়ী সহ ঘটনাস্থলীৰ পৰা বাঢ়ৈটিঙৰ নিজ ঘৰ অভিমুখে পলায়ন কৰাৰ লগতে আৰক্ষীৰ ৰোষত পৰাৰ ভয়ত গাড়ী খন লুকুৱাই ৰাখে বুলিও জানিব দিছে । অৱশেষত, ঘাতক বাহনখনৰ সন্দৰ্ভত অভিযান চলাই থকা শিৱসাগৰ আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি বাহনখন জব্দ কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে নিহত আব্দুল গণিক ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰা সময়ত ঘটনাস্থলীত পোৱা গাড়ীৰ বাম্পাৰৰ ভগা অংশটো উক্ত চুইফট গাড়ীখনৰে বুলি চালক সুৰজিত শইকীয়াই জেৰাত স্বীকাৰ কৰিছে ৷