আমগুৰি,২২ জুন:শিৱসাগৰ জিলাৰ নাজিৰাৰ জয়খামদাং পথাৰত কোৰেৰে ঘাঁহ কাটি যুৱকে আঁকিলে মহান স্বাধীনতা সংগ্ৰামীৰ ছবি । কৃষিকৰ্মৰ ব্যস্ততাৰ মাজতে নাজিৰা মহকুমাৰ অন্তৰ্গত ঘৰফলীয়া গাঁৱৰ যুৱ কৃষকৰ পথাৰত শিল্পকৰ্মৰ জৰিয়তে এক ব্যতিক্ৰমী প্ৰয়াস । খেতিৰ মাজতে পথাৰৰ সেউজীয়া ঘাঁহ কাটি যুৱকে আঁকিলে মহান স্বাধীনতা সংগ্ৰামীৰ ছবি ।
নিজৰ শৈল্পিক প্ৰতিভাৰ পৰিচয় দি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে শিৱসাগৰৰ আমগুৰিৰ দীপজ্যোতি গগৈয়ে ৷ ভাৰতৰ স্বাধীনতা সংগ্ৰামীৰ কথা মনলৈ আহে মহাত্মা গান্ধী, ভগত্ সিং, নেতাজী সুভাষ চন্দ্ৰ বসুৰ কথা । এই মহান স্বাধীনতা সংগ্ৰামী তিনিজনৰ ছবি সেউজীয়া পথাৰৰ মাজত কোৰেৰে কাটি অংকন কৰিলে শিৱসাগৰ জিলাৰ নাজিৰাৰ যুৱ কৃষক দীপজ্যোতি গগৈয়ে ।
নাজিৰাৰ জয়খামদাং পথাৰত ব্যতিক্ৰমী ৰূপত তিনি মহান স্বাধীনতা সংগ্ৰামীক সন্মান জনোৱাৰ লগতে উঠি অহা প্ৰজন্মক কৃষিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ নাজিৰাৰ ঘৰফলীয়া গাঁৱৰ যুৱক দীপজ্যোতি গগৈয়ে আঁকিলে এই তিনিজন স্বাধীনতা সংগ্ৰামীৰ ছবি ৷ প্ৰখৰ ৰ'দ আৰু বৰ্তমান হৈ থকা নেৰা নেপেৰা বৰষুণৰ মাজতে কষ্ট কৰি পথাৰৰ সেউজীয়া ঘাঁহনিত তিনি মহান স্বাধীনতা সংগ্ৰামীক এইদৰে আকাৰ দি সন্মান জনালে শিল্পী তথা যুৱ কৃষকজনে ৷