আমগুৰি,17 মাৰ্চ:আমগুৰিত সত্ৰীয়া নৃত্যৰ প্ৰথম গৰাকী ডক্টৰেট তথা বিশিষ্ট সত্ৰীয়া গৱেষক ড৹ জগন্নাথ মহন্তৰ সোৱঁৰণী বঁটা প্ৰদান কৰা হয় ৷ আমগুৰিৰ কেন্দ্ৰীয় পুথিভঁৰাল প্ৰাংগণত এক অনুষ্ঠানত জগন্নাথ মহন্তৰ সপ্তম মৃত্যু বাৰ্ষিকীত দ্বিতীয়বাৰৰ বাবে এই বঁটা প্ৰদান কৰা হয় ৷ সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট প্ৰচাৰক তথা মাজুলী আউনীআটীয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কৰুণা বৰাক ড৹ জগন্নাথ মহন্তৰ সোৱঁৰণী বঁটা প্ৰদান কৰা হয় ৷
ড৹ জগন্নাথ মহন্ত সোঁৱৰণী মঞ্চ আৰু পূবেৰুণ শিল্পী সমাজৰ উদ্যোগত অয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক, সত্ৰীয়া সাধক টংকেশ্বৰ হাজৰিকা বৰবায়নে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ৷ বঁটা গ্ৰহণ কৰি কৰুণা বৰাই কয় যে, সত্ৰীয়া নৃত্যৰ প্ৰণালীবদ্ধ আৰু বিজ্ঞান সন্মত চৰ্চাই ইয়াক ৰাষ্ট্ৰীয় স্বীকৃতিৰ দিশত লৈ যাব পাৰে ৷ ওডিচী নৃত্যই যদি জগতসভা শুৱনি কৰিব পাৰে সত্ৰীয়া নৃত্যই নোৱাৰাৰ কাৰণ নাই বুলিও তেওঁ মন্তব্য কৰে ৷