শিৱসাগৰ, 9 ছেপ্তেম্বৰ: ৰাজ্যত পুনৰ নাৰী নিৰ্যাতনৰ ঘটনা । এইবাৰ ঘটনাৰ স্থান শিৱসাগৰ ৷ পাৰিবাৰিক আৰ্থিক লেনদেনক লৈ হোৱা মতানৈক্যৰ বাবে ঘৰৰ বোৱাৰীক গুৰুলা-গুৰুলকৈ প্ৰহাৰ বৰজনাকৰ । আনকি বোৱাৰী নিগ্ৰহত জড়িত হ’ল শাহুৱেক ।
শিৱসাগৰৰ ভূৱন চন্দ্ৰ গগৈ পথৰ এখন বাসগৃহত সংঘটিত হয় এই নাৰী নিৰ্যাতনৰ ঘটনা । ঘৰ ভাড়াৰ পইচাক কেন্দ্ৰ কৰি প্ৰণৱ জ্যোতি চেতিয়াৰ পত্নী ৰিতুমণি চেতিয়াক বগৰাই বগৰাই লাঠিৰে পিটি গুৰুতৰ ভাৱে আহত কৰিলে বৰজনাক নৱজ্যোতি চেতিয়াই । এনে বৰ্বৰোচিত কাৰ্যৰ সংগী হ'ল শাহুৱেকজিনুমাই চেতিয়া ।
বুধবাৰে পুৱা চেতিয়া পৰিয়ালৰ ওপৰমহলাৰ ভাড়াৰ পইচা চৰ্ত অনুসৰি সংগ্ৰহ কৰাৰ বাবে শাহুৱেক জিনুমাই চেতিয়া আৰু বৰজনাক নৱজ্যোতি চেতিয়াই বোৱাৰী ৰিতুমণি চেতিয়াক চুলিত ধৰি মাটিত বগৰাই এডাল লাঠিৰে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে । লগতে প্ৰহাৰ কৰে ভাড়াতীয়া থকা লোককো । এনে বৰ্বৰ প্ৰহাৰৰ ফলত গুৰুতৰ ভাৱে আহত হোৱা ৰিতুমণি চেতিয়াক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।