অসম

assam

By

Published : Feb 12, 2021, 2:15 PM IST

ETV Bharat / state

নাজিৰাত বান্দৰৰ পোৱালিক দুগ্ধপান কৰাই লালন-পালন কৰিছে এজনী কুকুৰে

কুকুৰ প্ৰভুভক্ত, উজাগৰী নিশা প্ৰভুভক্ত কুকুৰে গৃহস্থক দিয়ে নিৰাপত্তা । কিন্তু দীৰ্ঘদিন ধৰি নাজিৰাৰ এজনী কুকুৰে নিৰাপত্তা দি আহিছে এটা বান্দৰৰ পোৱালিক ।

dog-monkey-story
নাজিৰাত বান্দৰৰ পোৱালিক দুগ্ধপান কৰাই লালন-পালন কৰিছে এজনী কুকুৰে

নাজিৰা, 12 ফেব্ৰুৱাৰী: কুকুৰ প্ৰভুভক্ত, উজাগৰী নিশা প্ৰভুভক্ত কুকুৰে গৃহস্থক দিয়ে নিৰাপত্তা । কিন্তু নাজিৰাৰ এজনী কুকুৰে কনমাণি এটা বান্দৰ পোৱালিৰ প্ৰতি দেখুৱা মৰমে সকলোকে হতবাক কৰি তুলিছে ৷ মাতৃহীন এটি বান্দৰ পোৱালিক নিজৰ পোৱালিৰ দৰে ডাঙৰ দীঘল কৰিছে এজনী কুকুৰে ।

নাজিৰাৰ অৰুণ দত্ত নামৰ ব্যক্তিজনৰ ঘৰত প্ৰায় ছয়মাহ ধৰি এটি বান্দৰৰ পোৱালিক এজনী পোহনীয়া কুকুৰে দুগ্ধ পান কৰাই লালন পালন কৰি আহিছে ৷ বান্দৰৰ পোৱালীটো মাতৃৰ পৰা বিচ্ছেদ হোৱাৰ পিছত জন্মদাতৃ মাতৃৰ দায়িত্ব পালন কৰিছে এই পোহনীয়া কুকুৰ জনীয়ে ।

কুকুৰজনীয়ে সৰুৰে পৰা বান্দৰৰ পোৱালিটোক নিজৰ মাতৃৰ দৰে দুগ্ধপান কৰাই ডাঙৰ-দীঘল কৰি আহিছে । দিনক দিনে মানৱ জাতিৰ মাজত মানৱীয়তা হেৰাই যোৱাৰ মাজতে পোহনীয়া কুকুৰজনীয়ে বান্দৰ পোৱালিটোৰ প্ৰতি দেখুওৱা মহানুভৱতাই এতিয়া সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰিছে ৷

লগতে পঢ়ক: অসমৰ প্ৰাক্তন মন্ত্ৰী আফজালুৰ ৰহমানৰ বিয়োগ

ABOUT THE AUTHOR

...view details