শিৱসাগৰ, 8 ডিচেম্বৰ :শিৱসাগৰত ইণ্ডিয়ান মেডিকেল এছচিয়েশ্বনৰ অন্তৰ্গত চিকিৎসকৰ প্ৰতিবাদ । শিৱসাগৰ নগৰৰ দ'লমুখ চাৰি আলিৰ পুৰণি চিকিৎসালয়ৰ সন্মুখত আই.এম.এ.ৰ অৰ্ন্তভুক্ত চিকিৎসক সকলে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।
শিৱসাগৰত চিকিৎসকৰ প্ৰতিবাদ - আই.এম.এ.
শিৱসাগৰত ইণ্ডিয়ান মেডিকেল এছচিয়েশ্বন অন্তৰ্গত চিকিৎসকৰ প্ৰতিবাদ । শিৱসাগৰ নগৰৰ দ'লমুখ চাৰিআলিৰ পুৰণি চিকিৎসালয়ৰ সন্মুখত আই.এম.এ.ৰ অৰ্ন্তভুক্ত চিকিৎসক সকলে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।
শিৱসাগৰত চিকিৎসকৰ প্ৰতিবাদ
আয়ুৰ্বেদিক, হোমিয়পেথিক আৰু এল‘পেথিক চিকিৎসাৰ একত্ৰিকৰণৰ তীব্ৰ বিৰোধিতা কৰে প্ৰতিবাদকাৰী সকলে ৷ এনে ব্যৱস্থাই জনস্বাস্থ্যৰ প্ৰতি তীব্র ভাবুকি সৃষ্টি কৰিব বুলি দাবী কৰিছে ইণ্ডিয়ান মেডিকেল এছচিয়েশ্বনৰ অন্তৰ্গত চিকিৎসক সকলে । অহা ১১ ডিচেম্বৰত লোৱা কেন্দ্ৰীয় চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদত দেশ জুৰি চিকিৎসক সমাজে কৰ্ম বিৰতি পালন কৰিব ।
লগতে পঢ়ক: অখিল গগৈৰ মুক্তিৰ দাবীত বঙাইগাঁৱত দহদিনীয়া চাইকেল ৰেলী