শিৱসাগৰ, 19 মে’ :‘‘ফেচিষ্ট শাসকৰ ভূমিকাত অৱতীৰ্ণ হৈছে অসম চৰকাৰ । চৰকাৰৰ বিপক্ষে মাত মতাৰ সকলো পথ এটা এটাকৈ বন্ধ কৰা এইখন চৰকাৰে এইবাৰ মুকলিকৈ দল-সংগঠনসমূহৰ বিৰুদ্ধে ভাৰতীয় কাৰ্যবিধি আইনৰ ধাৰা 107 অধিনত তৎপৰ হৈ পৰিছে । বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰাৰ পাচত এইবাৰ শিৱসাগৰৰ আন আন দল-সংগঠনসমূহৰ বিৰুদ্ধে চলাইছে অপাৰেচন বণ্ড চাইন’’ । এই অভিযোগ শিৱসাগৰৰ কেবাটাও দল সংগঠনৰ (Operation Bond Sign in Sivsagar)৷
অভিযোগ অনুসৰি, এই বণ্ডৰ দ্বাৰা শিৱসাগৰৰ বহু কেইটা দল-সংগঠনৰ নেতাক চমন জাৰি কৰি আগন্তুক দিনত কোনো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ নকৰিবলৈ সকিয়ানী প্ৰদান কৰা হৈছে । অন্যথা ভাৰতীয় কাৰ্যবিধি আইনৰ ধাৰা 107 ৰ অধীনত গ্ৰেপ্তাৰ কৰা হ’ব ।
শিৱসাগৰত অপাৰেচন বণ্ড চাইন আনকি জিলা প্ৰশাসনৰ এগৰাকী দণ্ডাধীশে একাংশ সংগঠনৰ নেতাক তলব কৰি এই বণ্ড স্বাক্ষৰ কৰাই আগন্তুক এটা বছৰলৈ চৰকাৰৰ বিৰুদ্ধে কোনো প্ৰতিবাদী কাৰ্যসূচী, কোনো বিষয়ত উত্তেজিত বক্তব্য প্ৰদান নকৰিবলৈ বাধ্য কৰোৱা হৈছে বুলি অভিযোগ উত্থাপিত হৈছে । অন্যথা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হ’ব বুলি চৰকাৰৰ ফালৰ পৰা জাননি জাৰি কৰা হৈছে ৷
চৰকাৰৰ নিৰ্দেশত জিলা প্ৰশাসনে একাংশ দল-সংগঠনৰ নেতাক স্বাক্ষৰ কৰা চুক্তিপত্ৰৰ এক প্ৰতিলিপি প্ৰদান কৰাতো দূৰৰে কথা, উক্ত চুক্তিপত্ৰত কি লিখা আছে সেয়া পঢ়িবলৈও নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে । ইতিমধ্যে এই চুক্তিপত্ৰ স্বাক্ষৰ কৰা জাতীয় সংগ্ৰামী সেনাৰ সভাপতি চিতু বৰুৱা, অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলা সভাপতি প্ৰশান্ত বৰগোঁহাই, সগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি দেৱজিত দত্ত, বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলাৰ সম্পাদক অনুপম সন্দিকৈ আদিকে কৰি কেইজনমান দল-সংগঠনৰ নেতাক এই চুক্তিপত্ৰত স্বাক্ষৰ কৰোৱা হৈছে ।
আনহাতে, শুকুৰবাৰে উক্ত বণ্ডত স্বাক্ষৰ কৰাৰ বাবে মাতি অনা হৈছে বীৰ লাচিত সেনাৰ সচিব প্ৰধান ৰন্টুপাণি ফুকনক । উল্লেখ্য যে, অধিবক্তাৰ পৰা লাভ কৰা তথ্য অনুসৰি কোনো এজন লোকৰ কাৰ্য-কলাপৰ দ্বাৰা যদি উক্ত অঞ্চলত শান্তিৰ বাতাবৰণ বিনষ্ট হৈ আইন-শৃংখলাজনিত পৰিস্থিতি সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে, তেন্তে তেনে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত জিলা দণ্ডাধীশে সেই ব্যক্তিক কিয় বণ্ডৰ আওতাত তেওঁক অনা নহ'ব বুলি কাৰণ দৰ্শোৱাৰ জাননী প্ৰদান কৰা হয় ।
কিন্তু শিৱসাগৰৰ দল-সংগঠনক এইদৰে চুক্তিপত্ৰ স্বাক্ষৰ কৰোৱাৰ বেলিকা দেখা গ’ল যে কাৰ্যবাহী দণ্ডাধীশে শিৱসাগৰ সদৰ থানাত ন'ন এফআইআৰ কেচ নম্বৰ 24/23 ৰ ভিত্তিত কোনো কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ নকৰাকৈ দল-সংগঠনৰ নেতৃত্বক চুক্তিপত্ৰত স্বাক্ষৰ কৰাইছে । সেই চুক্তিপত্ৰৰ প্ৰতিলিপি প্ৰদান নকৰাৰ ওপৰিও স্বাক্ষৰকাৰীক কি ধৰণৰ চুক্তিপত্ৰত স্বাক্ষৰ কৰিছে, তাকো চাব নিদি কেৱল মৌখিকভাৱে প্ৰতিবাদ, বক্তব্য প্ৰদান আদি কাৰ্যসূচীৰ পৰা বিৰত থাকিবলৈ কোৱাটো আইনৰ দৃষ্টিত কিমান দূৰ গ্ৰহণীয় বুলিও প্ৰশ্ন উত্থাপন কৰিছে এতিয়া শিৱসাগৰৰ সচেতন মহলে ৷
লগতে পঢ়ক :CID team at Kaliabor : কলিয়াবৰৰ ৰাষ্ট্ৰীয় ঘাইপথত জোনমণি ৰাভা দুৰ্ঘটনাৰ নক্সা প্ৰস্তুত CID ৰ