আমগুৰি, ১৩ জুন:বিপৰ্যয় নামিছে ঐতিহাসিক গৌৰীসাগৰ পুখুৰীলৈ । যোৱা দুদিন ধৰি ক্ৰমাগত বৃষ্টিপাতে গৌৰৱময় আহোম ৰাজত্বকালৰ চানেকি ঐতিহাসিক গৌৰীসাগৰ বৰপুখুৰীৰ পশ্চিম প্ৰান্তৰ এটা পাৰ খহাই নিয়াৰ ফলত পুখুৰীটোৰ পৰা হোৰাহোৰে পানী বাগৰিছে । ফলত পুখুৰীটো অস্বাভাৱিকভাৱে শুকাই যোৱা পৰিলক্ষিত হৈছে । সোমবাৰে নিশাৰ বৰষুণত খহি যোৱা পাৰটো পূৰ্বতেও এটা অংশ কেইবাবাৰো খহি পুখুৰীটোৰ সত্তৰ শতাংশ পানী ওলাই একপ্ৰকাৰ নিঃশেষ হোৱাৰ উপক্ৰম ঘটিছিল ।
পাছত পুৰাতত্ব বিভাগে খহি যোৱা অংশটোত কালভাৰ্ট আৰু পুল নিৰ্মাণ কৰি বাৰিষা পুখুৰীটোত জমা হোৱা অতিৰিক্ত পানী ওলাই যোৱাৰ ব্যৱস্থা কৰিছিল । চতুৰ্থবাৰৰ বাবে একে অংশই খহি যোৱাৰ ফলত পুখুৰীটোৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহি পৰিছে । মাত্ৰ কেইটামান মাহ পূৰ্বে গৌৰীসাগৰ বৰপুখুৰীৰ চাৰিওটা পাৰ সংলগ্ন কৰি পৰ্যটকৰ সুবিধাৰ বাবে পকী পথ নিৰ্মাণ কৰা হৈছিল যদিও অহৰহ বৃষ্টিপাতৰ ফলত পশ্চিম প্ৰান্তৰ পাৰটোৰ পূৰ্বতে ছিঙি যোৱা অংশটোত নিৰ্মাণ কৰা কালভাৰ্ট ভাঙি সুৰংগৰ সৃষ্টি হৈ পুখুৰীটোৰ পানী অহৰহ বাগৰি আছে ।
পথৰ মাত্ৰ ওপৰৰ অংশটো ৰৈ যোৱাৰ ফলত যিকোনো মুহূৰ্ততে পথটো বহি ভয়ানক দুৰ্ঘটনাৰ আশংকা প্ৰকট হৈ পৰিছে । শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত সিঁচৰিত হৈ থকা ঐতিহাসিক সম্পদসমূহক লৈ ল'ৰা ধেমালি কৰি অহা পুৰাতত্ব বিভাগে তৎকালীনভাৱে ছিঙি যোৱা অংশটো মেৰামতিৰ ব্যৱস্থা কৰাৰ পৰিৱৰ্তে বর্তমানলৈকে ঘটনাস্থলীত সংশ্লিষ্ট বিভাগৰ এজনো কৰ্মচাৰী উপস্থিত হোৱা নাই । যোৱা নিশাই ছিঙি যোৱা অংশটো তৎকালীন মেৰামতিৰ বাবে আজিৰ দিনটোত এজনো বিষয়া কৰ্মচাৰী উপস্থিত নহ'ল ।