অসম

assam

ETV Bharat / state

ডিমৌত স্বামীয়ে হত্য়া কৰিলে পত্নীক

ডিমৌৰ দেউৰীটিঙত লোমহৰ্ষক হত্যাকাণ্ড । কুঠাৰেৰে কাটি নিৰ্দয়ভাৱে স্বামীয়ে হত্যা কৰিলে পত্নীক ৷

By

Published : Jun 21, 2019, 3:42 PM IST

ডিমৌত স্বামীৰ হাতত পত্নীৰ নিৰ্মম হত্যা

ডিমৌ,21 জুন: ডিমৌৰ দেউৰীটিঙত শুকুৰবাৰে পুৱতি নিশা সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড। বকতা নেমুগুৰি থানাৰ দেউৰিটিং ১০ নম্বৰ লাইনৰ উমা ৰাজপুতে পুৱতি নিশা পুত্ৰৰ সন্মুখতে কুঠাৰেৰে কাটি নিৰ্দয়ভাৱে হত্যা কৰে পত্নী তুফানি ৰাজপুতক। তাৰপাচতেই স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ বকতা নেমুগুৰি আৰক্ষীক খবৰ দিয়ে ৷

ডিমৌত স্বামীৰ হাতত পত্নীৰ নিৰ্মম হত্যা

ইতিমধ্যে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে বকতা আৰক্ষীয়ে ৷ এই লোমহৰ্ষক হত্যাকাণ্ডই সমগ্ৰ বকতা অঞ্চলত সৃষ্টি কৰিছে চাঞ্চল্যৰ।

ABOUT THE AUTHOR

...view details