শিৱসাগৰ, 24 ছেপ্টেম্বৰ :সদা ব্যস্ত চৰকাৰী কাৰ্যালয়ৰ এক ব্যতিক্ৰমী পৰিৱেশ ৷ যি পৰিৱেশে এতিয়া সকলোৰে মন মন্ত্ৰমোগ্ধ কৰিবলৈ সক্ষম হৈছে ৷ সদা ব্যস্ত থকা এই চৰকাৰী কাৰ্যালয়টো হৈছে শিৱসাগৰ চক্ৰ বিষয়াৰ কাৰ্যালয় ৷ য’ত শনিবাৰে এক ব্যতিক্ৰমী পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷
যি সময়ত ৰাজ্যৰ ৰাজহ চক্ৰ কাৰ্যালয়সমূহক চৰকাৰে দুৰ্নীতিমুক্ত কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ৷ ঠিক তেনে সময়তে হৰি নামৰ মাধ্যমেৰে চৰকাৰৰ নীতি-নিৰ্দেশনাসমূহক জনসাধাৰণৰ মাজলৈ লৈ যোৱা তথা জনতাৰ মাজত প্ৰচাৰৰ উদ্দেশ্যে ব্যতিক্ৰমী পন্থা অৱলম্বন কৰিছে শিৱসাগৰ ৰাজহ চক্ৰ কাৰ্যালয়ে (Diha Nam held at Circle office of Sivasagar) ।