শিৱসাগৰ, 11 জুলাই: শিৱসাগৰ আৰক্ষীৰ ইতিবাচক উদ্যোগ । পৰীক্ষাত তৃতীয় বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কেৰিয়াৰ এখন সজাগতামূলক সভা শিৱসাগৰৰ অ' এন জি চিৰ প্ৰেক্ষাগৃহত(Sivasagar ONGC Auditorium) সোমবাৰে বিয়লি অনুষ্ঠিত হয় ।
সফল জীৱনৰ বাবে একাডেমিক পৰীক্ষাৰ গুৰুত্ব কিমান? ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত সজাগতা সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত । সভাত শিৱসাগৰ জিলাৰ উপায়ুক্ত মেঘনিধি দাহাল, আৰক্ষী অধীক্ষক শুভ্ৰজিৎ বৰা আৰু চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক যুৱৰাজেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ।
সজাগতা সভাত অংশ গ্ৰহণ কৰি DGP ভাস্কৰজ্যোতি মহন্তই কয় যে সৰুতে মই গাধা আছিলো, আৰম্ভণিতে পঢ়াত ময়ো বেয়া আছিলো ৷ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰি DGP মহন্তই কয় যে এটা পৰীক্ষাত বেয়া ফলাফলে জীৱনটো শেষ কৰিব নোৱাৰে । জীৱনটো আৰম্ভহে হৈছে, ভাবিব লগা একো নাই ।
আনহাতে কম নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীসকলক কম গুৰুত্ব দিয়া সমাজখনো অলপ গণ্ডগোলীয়া বুলি মন্তব্য কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে । আচলতে নম্বৰ নহয়, সমাজৰ বাবে কিবা কৰিছেনে, মানৱ সমাজৰ বাবে কিবা কৰিছেনে সেয়া গুৰুত্ব দিব লাগে । কিন্তু সমাজে সেই কথা নোসোধে বুলি মন্তব্য কৰে DGP মহন্তই (DGP Bhaskar Jyoti Mahanta)।
আনহাতে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে - হতাশ হ’ব নালাগে, বেঙা হ’ব নালাগে, নতুন কথা শিকিবলৈ লাজ কৰিব নালাগে ৷ ছাত্ৰ -ছাত্ৰীসকলক নিজৰ সামৰ্থৰে নিজৰ ভৰিত সমাজে গ্ৰহণ কৰা পন্থাৰে নিজক প্ৰতিষ্ঠা কৰিবলৈ আহ্বান DGP মহন্তৰ ।
প্ৰসংগক্ৰমে সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে ফুটবল খেলিলেই নহ'ব, ভালকৈ খেলিব লাগিব । ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিব পৰাকৈ খেলিব লাগিব ৷ অনুষ্ঠানটোত অসম চৰকাৰৰ দক্ষতা আৰু উদ্যমিতা বিভাগৰ(Department of Skill Development and Entrepreneurship) দুই বিষয়া পিংকু চৌধুৰী আৰু আক্কাচ আলীয়ে সমল ব্যক্তি হিচাপে অংশ লৈ ছাত্ৰ-ছাত্ৰী সকলক কেৰিয়াৰ সম্পৰ্কত সহযোগিতা আগবঢ়ায় ।
লগতে পঢ়ক:Assam youth missing: কৰ্মৰ সন্ধান বিচাৰি গৈ সন্ধানহীন হ’ল লখিমপুৰৰ দেৱজ্যোতি